২ মে’ত খুলিব কেদাৰনাথৰ দুৱাৰ৷ আৰু ৪মে’ৰ পৰা খুলিব বদ্ৰীনাথৰ দুৱাৰ৷ শুক্ৰবাৰে কেদাৰনাথ-বদ্ৰীনাথ মন্দিৰ কমিটিয়ে জনাইছে এই তথ্য৷ মন্দিৰ কমিটিৰ তৰফৰ পৰা বিশেষজ্ঞ দল কেদাৰনাথত গৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পাছতেই এই সিদ্ধান্ত লৈছে৷ শুকুৰবাৰে সন্ধিয়া কেদাৰনাথত উপস্থিত হৈছে পৰ্যবেক্ষক দল৷ তেওঁলোকৰ পৰা পোৱা তথ্য অনুসৰি মন্দিৰ কমিটিয়ে কৰিছে এই ঘোষণা৷
মন্দিৰ কমিটিয়ে বিজ্ঞাপ্তিযোগে জনাইছে যে মদমহেশ্বৰ মন্দিৰ বা দ্বিতীয় কেদাৰ ২১ মেৰ পৰা আৰু তুঙ্গনাথ মন্দিৰ বা তৃতীয় কেদাৰৰ দুৱাৰ ২ মেৰ পৰা খুলি দিয়া হব৷ তীৰ্থযাত্ৰীয়ে সেই দিনটোৰ পৰাই মন্দিৰলৈ ৰাওনা হ’ব পাৰিব৷
উল্লেখ্য যে চাৰধাম যাত্ৰা আৰম্ভ কৰাৰ বিষয়ে বিগত কেইবা দিন ধৰি তৎপৰ আছিল কৰ্তৃপক্ষ৷ অৱশেষত মন্দিৰৰ দুৱাৰ খোলাৰ দিন ঘোষণা কৰি দিয়া হৈছে৷ এই ঘটনা যমুনাত্ৰী, গঙ্গোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ চাৰধাম যাত্ৰা হিন্দুসকলৰ অত্যন্ত জনপ্ৰিয় এক তীৰ্থযাত্ৰা৷ প্ৰতি বছৰে প্ৰবল ঠাণ্ডাক উপেক্ষা কৰি হাজাৰ হাজাৰ তীৰ্থযাত্ৰী চাৰধামলৈ যায়৷ আৰু সেই হাজাৰ হাজাৰ তীৰ্থযাত্ৰীৰ সমাগম উত্তৰাখণ্ড চৰকাৰৰ বাবেও এক ডাঙৰ চেলেঞ্জ৷ ৰাজ্যখনৰ অৰ্থনীতিৰ অধিকাংশই এই তীৰ্থযাত্ৰাৰ ওপৰতেই নিৰ্ভৰশীল৷ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে জনাইছে যে তেওঁৰ চৰকাৰে পূৰ্বতকৈয়ো এইবাৰ নিৰাপত্তা অধিক কটকটীয়া কৰিবলৈ বদ্ধপৰিকৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















