অসম লাইভ ২৪ঃ কৃষকৰ আন্দোলনক কেন্দ্ৰ কৰি দুটা ভাগত বিভক্ত হৈছে বলীউড। ছ’চিয়েল মিডিয়াত তাৰকাসকলে মুকলিকৈ প্ৰকাশ কৰিছে মত। বিগত কেইবামাহজুৰি চলি থকা কৃষকৰ এই আন্দোলনৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াইছে কেইবাগৰাকীও গ্ল’বেল তাৰকাই। পিছে পপ্ ছিংগাৰ ৰিহানাই কৰা টুইটৰ পিছত বলীউডৰ অনেক তাৰকাই উভতি ধৰিছে। তাৰ মাজতে অন্যতম হৈছে বলীউডৰ ড্ৰীম গাৰ্ল তথা বিজেপিৰ সাংসদ হেমা মালিনী। ৰিহানাক টুইটাৰত উভতি ধৰিছিল হেমা মালিনীয়ে। সেয়েহে ক্ষোভিত কৃষকে পঞ্জাৱ আৰু হাৰিয়ানাত নিষিদ্ধ কৰিলে দেউল পৰিয়ালক। আনকি পাটিয়ালাত শ্বুটিং চলি থকা ববী দেউলৰ আহিবলগীয়া চিনেমা ‘লাভ ষ্টাইল’ৰ শ্বুটিং বন্ধ কৰিলে প্ৰতিবাদী কৃষকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ