জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপত দলৰ পৰা বাহিৰ কৰি দিলে লালু প্ৰসাদ যাদৱে, লগতে ক’ল- পৰিয়ালতো নাই কোনো স্থান
ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱে জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱক দলৰ পৰা বহিষ্কাৰ কৰি দিছে। ৬ বছৰৰ বাবে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে তেজ প্ৰতাপক। লগতে পৰিয়ালৰ সৈতেও পুত্ৰৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰিছে লালু প্ৰসাদ যাদৱে।
শেহতীয়াকৈ তেজ প্ৰতাপ যাদৱৰ এখন ফটো তেওঁৰ ফেচবুক একাউণ্টৰ পৰা শ্বেয়াৰ কৰা হৈছিল। এই ছবিখনত তেওঁক এগৰাকী মহিলাৰ সৈতে দেখা গৈছে। ইয়াৰ লগতে লিখা আছিল যে দুয়োৰে মাজত ১২ বছৰ ধৰি সম্পৰ্ক আছে।
অৱশ্যে কিছু সময়ৰ পাছত তেজ প্ৰতাপে কয় যে তেওঁৰ একাউণ্ট হেক কৰা হৈছে আৰু এই সকলোবোৰ তেওঁৰ বদনাম কৰিবলৈ কৰা হৈছে। লগতে তেওঁ ফটোখনক ভুৱা বুলি অভিহিত কৰি কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত এই ফটোখন সৃষ্টি কৰা বুলিও কয়।
লালু যাদৱে জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱক দলৰ পৰা বহিষ্কাৰ কৰাৰ সন্দৰ্ভত তথ্য দিওঁতে লিখিছে, “ব্যক্তিগত জীৱনত নৈতিক মূল্যবোধক অৱজ্ঞা কৰিলে সামাজিক ন্যায়ৰ বাবে আমাৰ সামূহিক সংগ্ৰাম দুৰ্বল হৈ পৰে। পুত্ৰৰ কাৰ্যকলাপ, ৰাজহুৱা আচৰণ আৰু দায়িত্বহীন আচৰণ আমাৰ পাৰিবাৰিক মূল্যবোধ আৰু পৰম্পৰাৰ অনুকূল নহয়। ”
আনহাতে শনিবাৰে ২৪ মে’ ৰ সন্ধিয়া তেজ প্ৰতাপ যাদৱে নিজৰ ফেচবুক একাউণ্টত এটা পোষ্ট লিখি এগৰাকী যুৱতীৰ সৈতে ফটো শ্বেয়াৰ কৰিছিল। লগতে লিখিছিল, ‘মই তেজ প্ৰতাপ যাদৱ আৰু এই ছবিখনত মোৰ সৈতে থকা যুৱতীগৰাকী অনুষ্কা যাদৱ! আমি দুয়ো যোৱা ১২ বছৰ ধৰি ইজনে সিজনক চিনি পাওঁ। আমি যোৱা ১২ বছৰ ধৰি সম্পৰ্কত আছো। বহুদিনৰ পৰা আপোনালোক সকলোকে এই কথা ক’বলৈ মন গৈছিল যদিও কেনেকৈ ক’ব বুজিব পৰা নাছিলো। সেইবাবেই আজি এই পোষ্টটোৰ জৰিয়তে মোৰ হৃদয়ৰ অনুভৱ আপোনালোক সকলোৰে লগত শ্বেয়াৰ কৰিছো। আশাকৰোঁ আপোনালোক সকলোৱে বুজিব মই কোৱা কথাখিনি।
যুৱতীগৰাকীৰ সৈতে থকা এই ফটো খনেই এতিয়া লালু প্ৰসাদ যাদৱৰ লগতে ৰাষ্ট্ৰীয় জনতা দলতো প্ৰভাৱ পৰিব বুলি অনুমান কৰা হৈছে। বিহাৰত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ইয়াৰ পূৰ্বে লালুৰ পৰিয়ালৰ এই অস্থিৰতাই নিৰ্বাচনত ইছ্যু হৈ পৰিব পাৰে বুলি অনুমান কৰা হৈছে।
কাৰণ মানুহেও এই ফটোখন ভাইৰেল হোৱাৰ পাছতে বহু প্ৰশ্ন উত্থাপন হৈছে- যদি অনুষ্কাৰ লগত তেজ প্ৰতাপৰ সম্পৰ্ক আছিল, তেন্তে তেওঁ কিয় ঐশ্বৰ্যৰ জীৱন নষ্ট কৰিলে।
সেয়ে এই সকলোবোৰ সমস্যাৰ সমাধান হিচাপেই লালু প্ৰসাদে পুত্ৰক দল লগতে পৰিয়ালৰ পৰা বহিষ্কাৰ কৰাৰ কথা উল্লেখ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















