সকলোসময়তে নিজকে বৃদ্ধ হোৱা বুলি ভাৱ আহি থাকে নেকি? মনত বৃদ্ধ অৱস্থাকলৈ ভয় কঢ়িয়াই ফুৰে? এই ভয়ৰ বাবেই অকলশৰে থকাত অসুবিধাতো ভোগে? বিজ্ঞানৰ ভাষাত এই ভাৱ আহি থকা মানেই ব্যক্তিগৰাকীয়ে জেৰাচকফ’বিয়াত ভূগি আছে। এই শব্দটোৰ উৎপত্তি হৈছে গ্ৰীক শব্দ ‘থা জেৰাছো’ ৰ পৰা। এই শব্দৰ অসমীয়া অৰ্থ হৈছে ‘মই বৃদ্ধ হৈছো।’ বাৰ্ধক্যক লৈ ভয় খোৱাটো বিৰল কোনো ঘটনা নহয়। প্ৰায়সংখ্যক ব্যক্তিৰ মনতেই কোনোৱাক্ষণত এই ভয়ে লগ দিয়ে। কিন্তু যি সকল ব্যক্তিৰ মনত প্ৰতিসময়তে এই ভয়ে ক্ৰিয়া কৰে তেন্তে এয়া স্বাভাৱিক নহয়। তাৎক্ষণিকভাৱে মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো খুবেই জৰুৰী। এই ভাৱে প্ৰতিসময়তে দেখা দিলে অন্যান্য কিছু পন্থা নিজাববীয়াকৈয়ো অৱলম্বন কৰিব পাৰে।
কি কি উপায় অৱলম্বন কৰিব?
১) এই ভাৱে ক্ৰিয়া কৰি থাকিলে আপুনি ভাৱি ল’ব যে কম বয়সতেই কিমানে এই পৃথিৱীক বিদায় দিছে। প্ৰৌঢ়ত্ব আৰু বাৰ্ধক্যক উপভোগ নকৰাকৈয়ে জীৱনৰ পৰা বিদায় মাগিছে। সেয়ে যদি আমি বাৰ্ধক্যক উপভোগ কৰাৰ সময় পাইছো তাক উদযাপন কৰাত বাধা কি?
২) বয়স বৃদ্ধি হ’লে হৰমনৰ ভাৰসাম্যতো সাল-সলনি ঘটে। আৰু এই সাল-সলনিৰ বাবেই মুখমণ্ডলয় বয়সৰ চাপ পৰে। শৰীৰতো পৰিবৰ্তন আহে। এই পৰিবৰ্তনৰ বৈজ্ঞানিক কাৰণ কি এইসমূহ দিশ জানিবলৈ যত্ন কৰিব লাগে। বাৰ্ধক্যৰ লক্ষণসমূহক লৈ পঢ়াশুনা কৰিব পাৰে। কি কি সমস্যা আহে সেই বিষয়বিলাক জানি তাৰ পৰা পৰিত্ৰাণৰ উপায় সন্দৰ্ভতো পঢ়াশুনা কৰিব পাৰে।
৩) বহুতেই আকৌ বয়স বাঢ়ি গ’লে মন পছন্দৰ পোছাক ইচ্ছা থাকিলেও পিন্ধিব নোৱাৰি বুলি মন বেয়া কৰে। এই ধাৰণা একেবাৰেই অমূলক। যিকোনো বয়সতেই নিজৰ ইচ্ছানুসৰি পোছাক পৰিধান কৰিব পাৰে। সমাজে কি ক’ব এই ধাৰণাৰে নিজৰ ভাললগা কাৰ্যকলাপক দমাই ৰখাৰ প্ৰয়োজনীয়তা অনুভৱ কোনো কাৰণতেই কৰিব নালাগে।
৪)স্বাস্থ্যগতভাৱে সুস্থ থকাটো কিন্তু খুবেই প্ৰয়োজন। বয়স বৃদ্ধি হ’লে দৈনন্দিন জীৱনৰ বহু দুচিন্তাইয়ো মনক বিভ্ৰান্ত কৰে। সেয়ে পুষ্টিকৰ খাদ্য খোৱাৰ লগতে পৰ্যাপ্ত পৰিমানৰ পানীও সেৱন কৰিব লাগে। এই দুটা দিশ সঠিকভাৱে ৰাখিলে ডিহাইড্ৰেছন, গেছ আদিৰ সমস্যাৰ পৰা দূৰত অৱস্থান কৰিব পাৰিব।
৫) নিজৰ পছন্দৰ মানুহৰ সৈতে সময় কটোৱাতো ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ আন এক উপায়। বৰ্তমান যুগৰ সৈতে মানুহৰ ব্যস্ততা বৃদ্ধি পাইছে। পৰিয়াল নতুবা বন্ধু-বান্ধৱৰ সৈতেও খুৱ কম সময়হে কটাই প্ৰায়সংখ্যক মানুহেই। সেয়া কামৰ মাজতেই আজৰি সময়খিনি নিজৰ ভাললগা ধৰণে কটোৱাটো খুবেই গুৰুত্বপূৰ্ণ। এনেদৰে কটালে মানসিক চাপ বহু পৰিমানে কমে বুলি বিশেষজ্ঞই দাবী কৰে।
৬) বালিৰেখা নতুবা চুলি পকা আদিকলৈও অযথা চিন্তিত হ’ব নালাগে। বহুতেই বয়সৰ চাপ কমাবলৈ নিৰন্তৰ চেষ্টা কৰে। তাৰপাছতো সুফল নাপালে দুচিন্তাত ভোগে। সেয়ে সদায়ে এই কথা ভাৱিব লাগে যে চুলি পকা বা ছালত বালিৰেখা পৰা মানেই দেখিবলৈ কুৎসিত হৈ পৰিছে তেনে নহয়। তাৰ সলনি মানসিক সুন্দৰতাইহে ব্যক্তি একোজনক সুন্দৰ কৰি ৰাখে সেই কথাত গুৰুত্ব আৰোপ কৰিব লাগে।
৭) সকলো সময়তে ভৱিষ্যত পৰিকল্পনাতেই সময় অতিবাহিত কৰিব নালাগে। আগন্তুক জন্মদিনত মই কি কৰিম? আগন্তুক সময়ত ডায়াবেটিছত আক্ৰান্ত হ’লে কেনেকৈ পৰিত্ৰাণ পাম আদি কথাত মনোনিৱেশ কৰাৰ সলনি বৰ্তমানক গুৰুত্ব দিয়ক। বৰ্তমানৰ ভিত্তিতেই ভৱিষ্যত গতিকে বৰ্তমানক মসৃণ কৰাৰ পৰিকল্পনাতহে নিজকে পাৰ্যমানে ব্ৰতি ৰাখক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















