ভাৰতীয় ৰাজনীতিৰ জনপ্ৰিয় নেতা-নেত্ৰীৰ তালিকাত নিজৰ স্থান তৈয়াৰ কৰা এগৰাকী নেত্ৰী হৈছে মহুৱা মৈত্ৰ৷ প্ৰথম ১০ জনপ্ৰিয় ৰাজনীতিবিদৰ নাম ল’লেই নাম ল’ব লাগিহ মহুৱাৰ৷ বেংগলৰ সাংসদ মহুৱাই আৰম্ভ কৰিলে জীৱনৰ আন এক ইনিংছ৷ বিবাহপাশত আৱদ্ধ হ’ল মহুৱা মৈত্ৰ৷
মহুৱাৰ সৌন্দৰ্যত হয়তো বহুজনেই ভুল গৈছিল৷ মহুৱাই সংসদত তৰ্ক কৰোতেও বহুজনেই তেওঁৰ সৌন্দৰ্যকেই চাই ৰৈছিল৷ ফেশ্বন সচেতন আৰু খবৰ সচেতন মহুৱাই বৃহস্পতিবাৰে বাৰ্লিনৰ ৰাজপ্ৰাসাদত বিবাহপাশত আৱদ্ধ হয়৷ বলীউডৰ অভিনেত্ৰীসকলৰ প্ৰিয় ব্ৰেণ্ড ৰ মাঙ্গোৰ শাৰী পৰিধান কৰি বিয়াত বহিছে মহুৱা৷ কিমান দামী শাৰী পৰিধান কৰি বিয়াত বহিছে তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰ?
মহুৱাৰ শাৰী তৈয়াৰ কৰা সংস্থাই জনাইছে যে, সেই বেনাৰচি শাৰীখনৰ নাম পৰিগুল ব্ৰকেড বেনাৰচি৷ মহুৱাই পৰিধান কৰা নক্সাৰ শাৰী এইবছৰ কাঁ মহোৎসৱত পৰিধান কৰিছে ঐশ্ব্যৰ্য ৰায় বচ্চনেও৷ একেই শাৰী পৰিধান কৰে মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়েও৷ বাৰ্লিনৰ ৰাজপ্ৰাসাদত মহুৱাই তেওঁৰ স্বামী প্ৰাক্তন সাংসদ পিনাকী মিশ্ৰৰ সৈতে দিয়া ফটো খুবেই ভাইৰেল হৈছে৷ মহুৱাই পিন্ধা মাঙ্গোৰ এই শাৰীৰ দাম ১ লাখ ৩৯ হাজাৰ ৮০০ টকা বুলি বহুকেইটা ৰিপৰ্টে প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















