এখন দুখন নহয় ১২০ খন বিবাহ কৰোৱা ব্যক্তি, ১৭ বছৰৰ পৰা আৰম্ভ কৰি ৫৮ বছৰলৈ …
এগৰাকী ব্যক্তিৰ বিবাহৰ বিষয়ে জানিলে আচৰিত হৈ পৰিব আপুনি, অবৈধ হলেও থাইলেণ্ডৰ এগৰাকী লোকে এখন দুখন নহয়, ১২০ খন বিবাহ কৰিছে। ১২০ গৰাকীক পত্নী হিচাপে মান্যতা দিয়াৰ লগতে ২৮ গৰাকী সন্তানো আছে।
তাতোকৈ অস্বাভাৱিক কথাটো হ’ল মহিলাসকলে সকলোৱে ইজনে সিজনৰ বিষয়ে জানে আৰু স্বামীৰ এই বিবাহৰ ওপৰত কাৰোৰে একো সমস্যা নাই।
বেংককৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত থাইলেণ্ডৰ নাকৰ্ণ নায়ক প্ৰদেশৰ ফ্ৰমনি জিলাৰ মুৰব্বী টাম্বন প্ৰাছেৰ্টে অবৈধভাৱে ১২০ গৰাকী পত্নীক ৰখাৰ কথা সদৰি কৰে।
৫৮ বছৰীয়া স্থানীয় ৰাজনীতিবিদ তথা সফল নিৰ্মাণ ব্যৱসায়ৰ মালিকগৰাকীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ বিবাহৰ বিষয়ে সদৰি কৰিছিল। লগতে সকলোকে নিজৰ ঘৰলৈয়ো মাতিছিল যাতে সকলোৱে পৰিয়াল দেখক। তেতিয়াই সমগ্ৰ বিশ্বৰ সমুখলৈ আহে এই কথা।
সমগ্ৰ থাইলেণ্ডতে তেওঁৰ ১০০ গৰাকীতকৈ অধিক পত্নী থকাটো সঁচা নেকি বুলি সোধাত প্ৰাছেৰ্টে বাস্তৱিকতে কয় যে “মোৰ ১২০ গৰাকী পত্নী আৰু ২৮ জন পুত্ৰ-কন্যা আছে”। মাথো ১৭ বছৰ বয়সতে প্ৰথমখন বিবাহ সম্পন্ন কৰিছিল। আৰু এতিয়া ৫৮ বছৰ বয়সলৈকে ১২০ গৰাকীক বিয়া কৰাইছে।
নিৰ্মাণ খণ্ডৰ সৈতে জড়িত টাম্বনে দেশখনৰ যি চহৰতেই নিৰ্মাণৰ কাম কৰে, সেই চহৰতেই একোগৰাকীকৈ মহিলাৰ সৈতে বিবাহ কৰায়। বিবাহৰ পূৰ্বে পিতৃ-মাতৃক এই বিষয়ে অৱগত কৰে আৰু তেওঁলোকেও কোনো আপত্তি নকৰাকৈ পুত্ৰক আশিৰ্বাদ কৰে। পত্নী সকলেও সহমত কৰে এই বিবাহত । কোনো এগৰাকী পত্নীৰে কোনো সমস্যা নাই, সুখেৰেই টাম্বনৰ সৈতে সংসাৰ কৰি আছে ১২০ গৰাকীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ