১৪৪ বছৰ পাছত প্ৰয়াগৰাজত আয়োজিত হৈছে মহাকুম্ভ৷ কুম্ভমেলাৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অমৃতস্নানৰ তাৰিখ পৰিছে কাইলৈ৷ ২৯ জানুৱাৰীত পালিত হ’ব মৌনী অমাবস্যা৷ এই দিনটোত গংগাৰ পানী অমৃতত পৰিণত হয়৷ সেয়ে হিন্দুধৰ্ম অনুসৰি মৌনী অমাবস্যাত পূণ্যস্নান বিশেষ মাহাত্ম্যপূৰ্ণ৷ কোটি কোটি পূণ্যাৰ্থীয়ে কাইলৈ মহাকুম্ভত পূণ্যস্নান কৰিব৷ স্নান অবিহনেও এইদিনটোত প্ৰয়াত পিতৃপুৰুষৰ নামত তৰ্পণ আৰু দান কৰাৰো ৰীতি প্ৰচলিত আছে৷
মৌনী অমাবস্যাত মৌনতা পালন
বৈদিক পঞ্জিকা অনুসৰি মাঘ মাহৰ অমাবস্যা তিথি, অৰ্থাৎ মাঘী অমাবস্যাৰ দিনটোত মৌনী অমাবস্যা পালন কৰা হয়৷ এইদিনটোত উপবাসে থাকি স্নান কৰে বহুজনে৷ ইয়াৰোপৰি মৌনী অমাবস্যাত মৌনতা বজাৰ ৰখাৰো ৰীতি প্ৰচলিত আছে৷ এই দিনটোত যিমান পাৰি সিমান মৌনতা বজায় ৰাখিলে মানসিক শান্তি লাভ কৰা সম্ভৱ৷ সূৰ্যদেৱ আৰু প্ৰয়াত পূৰ্বপুৰুষৰ নামেৰে পূজা কৰাৰ বাবেই এই দিনটো মাহাত্ম্যপূৰ্ণ৷
মৌনী অমাবস্যাৰ শুভ সময়
পঞ্জিকা অনুসৰি মাঘী অমাবস্যা পৰিছে ২৮ জানুৱাৰী ২০২৫ মঙলবাৰৰ সন্ধিয়া ৭ বাজি ৩২ মিনিটত৷ অমাবস্যা এৰিব ২৯ জানুৱাৰী ২০২৫ৰ সন্ধিয়া ৬ বাজি ৫ মিনিটত৷ মৌনী অমাবস্যাত ব্ৰাহ্ম মুহূৰ্ত থাকিব ২৯ জানুৱাৰী পুৱা ৫ বাজি ২৫ মিনিটৰ পৰা পুৱা ৬ বাজি ১৮ মিনিট পৰ্যন্ত৷
মৌনী অমাবস্যাৰ মাহাত্ম্য
মৌনী অমাবস্যাত গংগাস্নানৰ বিশেষ মাহাত্ম্য আছে৷ প্ৰচলিত বিশ্বাস অনুসৰি এই দিনটোত গংগাৰ পানী অমৃতত পৰিণত হয়৷ এই দিনটোতেই মনুৰ জন্ম হৈছিল বুলি পুৰাণত উল্লেখ আছে৷ মনুৰ নামৰ পৰাই এই তিথি মৌনী অমাবস্যা নামেৰে পৰিচিত বুলি বহুতৰেই ধাৰণা৷ এই দিনটোত উপবাসে থাকি মৌনতা পালন কৰিলে বাকসিদ্ধি অৰ্জন কৰা যায় বুলি ধাৰণা কৰা হয়৷
মৌনী অমাবস্যাৰ পূজাৰ বিধি
মৌনী অমাবস্যাৰ দিনা ব্ৰাহ্ম মুহূৰ্তত বিচনা এৰক৷ এইদিনটোত গংগাস্নান কৰিব পাৰিলে সকলোতকৈ ভাল৷ এয়া সম্ভৱ নহলে নিজৰ স্নানৰ পানীত অলপ গংগাজল মিহলাই লওক৷ স্নানৰ পাছত সূৰ্য প্ৰণাম কৰক৷ ১০৮ বাৰ তুলসী গছক প্ৰদক্ষিণ কৰক৷ ইয়াৰপাছতেই দৰিদ্ৰক নিজৰ ক্ষমতা অনুসৰি খাদ্য বস্ত্ৰ দান কৰক৷ মৌনী অমাবস্যাত মৌনতা বজায় ৰাখিলে শুভ ফল পোৱা যায়৷ দিনজুৰি মৌন থকাটো যদি সম্ভৱ নহয় তেন্তে এইদিনটোত কাকো বেয়াকৈ নক’ব৷ যিমান পাৰে সিমান নম্ৰভাৱে কথা পাতক৷
মৌনী অমাবস্যাৰ উপায়
পূৰ্বপুৰুষৰ আশীৰ্বাদ পাবলৈ মৌনী অমাবস্যাত হালধীয়া ৰঙৰ পোছাক পিন্ধক আৰু নিজৰ পূৰ্বপুৰুষৰ নামত ধ্যান কৰক৷ এইদিনটোত পুৱা পানীৰ সৈতে অলপ হালধি মিহলাই ঘৰৰ মূল দুৱাৰত ছটিয়াই দিয়ক৷ তাৰ পূৰ্বে দুৱাৰৰ চৌকাঠ ভালকৈ পৰিষ্কাৰ কৰি লওক৷ ইয়াৰ ফলত পজিটিভ এনাৰ্জি ঘৰত প্ৰৱেশ কৰিব৷ মৌনী অমাবস্যাত নাৰায়ণৰ পূজা কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















