উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ কৰা হ’ব উত্তৰ পূৱ ভাৰতৰ প্ৰথমটো মটৰ ৰেচিং স্পৰ্টছ কমপ্লেক্স৷
মিজোৰামত নিৰ্মাণ কৰা হ’ব এই মটৰ ৰেচিং ট্ৰেক এণ্ড স্পষ্ট কমপ্লেক্স৷
ইতিমধ্যে মিজোৰামৰ ক্ৰীড়া মন্ত্ৰী ৰবাৰ্ট ৰোমিৱিয়া ৰয়টে এই কথা ঘোষণা কৰিছে৷
দুদিনমান পূৰ্বে ক্ৰীড়া মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে ইতিমধ্যে এই সংক্ৰান্তত মিজোৰাম স্পৰ্টছ কাউন্সিল আৰু মিজোৰাম ৰাজ্যিক চৰকাৰৰ ৰুৰেল ইলেক্ট্ৰিফিকেশ্যন ক’ৰ্পৰেশ্যন লিমিটেডৰ মাজত চুক্তি সম্পন্ন হৈছে৷
মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰা মতে মটৰ ৰেচিং ট্ৰেক এণ্ড স্পৰ্টছ কমপ্লেক্সটো আইজলৰ সমীপৰ লেংপুইত নিৰ্মাণ কৰা হ’ব৷ এই প্ৰকল্পটোত ১০ কোটি ব্যয় হ’ব৷
উক্ত প্ৰকল্প স্বাক্ষৰ সম্পন্ন হোৱাৰ পিছতে এক টুইটৰ কৰি উত্তৰ পূৱৰ প্ৰথমটো মটৰ ৰেচিং ট্ৰেক আৰু কমপ্লেক্স নিৰ্মাণ কৰিবলৈ পায় সুখী বুলি উল্লেখ কৰিছে মিজোৰামৰ ক্ৰীড়া মন্ত্ৰীগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ