অসম লাইভ ২৪ঃ জনপ্ৰিয়তা হ্ৰাস পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। এই কথাই প্ৰভাৱ পেলাইছে দেশৰ শাসনাধিষ্ঠ দল বিজেপিৰ ওপৰতো। এক আন্তঃৰাষ্ট্ৰীয় সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। আমেৰিকাৰ ‘মৰ্নিং কনচাল্ট’ নামৰ এটা ডাটা সমীক্ষা সন্থাৰ তথ্যত প্ৰকাশ পাইছে এই কথা। সমীক্ষা অনুসৰি জনপ্ৰিয়তাৰ সূচকত পূৰ্বৰ তুলনাত ২২ পইণ্ট হ্ৰাস পাইছে নৰেন্দ্ৰ মোদীৰ। চলিত সপ্তাহত নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তাৰ সাৰ্বজনীন সূচক হৈছে ৬৩ শতাংশ। দেশত কোভিডৰ ভয়াৱহতা ৰোধত হোৱা ব্যৰ্থতাৰ বাবেই জনপ্ৰিয়তা হ্ৰাস পোৱাৰ কথা প্ৰকাশ পাইছে সমীক্ষাত। কোভিডৰ দ্বিতীয় ঢৌত অক্সিজেন, ঔষধ, চিকিৎসালয়ত বিচনাৰ অভাৱ তথা ভেকচিনৰ অভাৱত জৰুলা হৈছে সমগ্ৰ দেশ। ‘মৰ্নিং কনচাল্ট’ সংস্থাই ভাৰতবাসীৰ মাজত কৰা এই সমীক্ষাত প্ৰকাশ পাইছে ফ্ৰেব্ৰুৱাৰীত কেভিডৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ সময়ৰ পৰাই নিম্নগামী হৈছে মোদীৰ জনপ্ৰিয়তা। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তা হ্ৰাসে কঁপনি তুলিছে বিজেপিৰ ভিতৰ চ’ৰাতো। নৰেন্দ্ৰ মোদীৰ পূৰ্বৰ ভাৱমূৰ্তি পুনৰুদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে বিজেপি দলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ