দেশৰ ৰাজধানী দৰিয়াগঞ্জত এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী মাতৃগৰাকীয়ে প্ৰেমিকৰ সৈতে নিজৰ ৮ বছৰীয়া কন্যাক নিৰ্মমভাৱে হত্যা কৰে।
ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে অভিযুক্ত প্ৰেমিকৰ লগতে কন্যা শিশুটিৰ মাতৃক গ্ৰেপ্তাৰ কৰিছে।
ঘটনাৰ বিৱৰণীৰ মতে যোৱা ১৮ আগষ্টৰ নিশা ৮ বছৰীয়া কন্যাই মহিলাগৰাকী আৰু তেওঁৰ প্ৰেমিকক আপত্তিজনক অৱস্থাত আৱিষ্কাৰ কৰে৷ ইয়াৰ পাছতে সেই কথা ৰাজহুৱা হোৱাৰ আশংকা কৰিয়ে শিশুটিক মাতৃ আৰু প্ৰেমিকে হত্যা কৰা বুলি আৰক্ষীয়ে সদৰী কৰিছে৷
লগতে পঢ়ক ক্লাছত ল’ৰা-ছোৱালী একেলগে পঢ়াটো ‘বিপজ্জনক’! কোন মুছলমান সংগঠনৰ নেতাৰ দাবী?
ইফালে মৃত শিশুটিক হত্যাৰ পূৰ্বে যৌন নিৰ্যাতন চলোৱা হৈছিল নেকি সেই বিষয়েও তদন্ত কৰা হৈছে বুলি আৰক্ষীয়ে সদৰী কৰিছে৷ আৰক্ষীয়ে প্ৰকাশ কৰিছে যে প্ৰাথমিক তদন্ত তেনেধৰণৰ কোনো ক্লু লাভ কৰা নাই৷ অৱশ্যে শিশুটিৰ মৰণোত্তৰ আৰু স্বাস্থ্য পৰীক্ষাৰ প্ৰতিবদেনৰ বাবে অপেক্ষা কৰি থকা হৈছে৷
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি মাতৃ আৰু তেওঁৰ প্ৰেমিক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে দুয়ো অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ