বিশ্ব হিন্দু পৰিষদ বজৰংগ দল নলবাৰী জিলাৰ নেতৃত্বত সম্পূৰ্ণ হিন্দু ধর্মৰ ৰীতি নীতিৰে মুছলিম যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধর্ম ৷ আয়তিৰ উৰুলি, মংগলধ্বনিৰ মাজেৰে সম্পন্ন হ’ল এখন ব্যতিক্ৰমী বিবাহ৷ নলবাৰী জিলাৰ ধমধমা পশ্চিম মহিনা গাওঁৰ ৰাইজৰ উপস্থিতিত সম্পূৰ্ণ হিন্দু ধর্মৰ নিয়ম অনুসৰি ৰাজহুৱা হোমযজ্ঞ পাতি হোমৰ সাক্ষী কৰি মুছলিম যুৱতী চুফীয়া খাতুনে উক্ত গাঁওৰ যুৱক বিশ্বজিৎ বৈশ্যৰ লগত বিবাহ পাশত আবদ্ধ হয়৷
হিন্দু ধৰ্মলৈ পৰ্যবাসিত হোৱাৰ পাছতেই চুফিয়াৰ নতুন নাম হৈছে মৌছুমী বৈশ্য৷ এই বিবাহৰ সময়ত পশ্চিম মহেনা গাঁওৰ সভাপতি বিজয় বৈশ্য সম্পাদক সুৰেন বৈশ্য প্ৰমুখ কৰি গাঁওৰ শতাধিক পুৰুষ মহিলা উপস্থিত থকাৰ লগতে বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ নেতাসকলো উপস্থিত থাকে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ