অসম লাইভ২৪ঃ এই মুহূৰ্তত টি-২০ বিশ্বকাপ খেলিবলৈ নিউয়ৰ্কত আছে হাৰ্দিক পাণ্ডিয়া৷ তেওঁৰ ব্যক্তিগত জীৱনৰ উত্থান-পতনক লৈ চৰ্চা চলি থকাৰ সময়তে খেলত ব্যস্ত হৈ আছে হাৰ্দিক৷ তাৰমাজতে পত্নী নাতাশা স্তানকোভিচে শ্বেয়াৰ কৰিছে বিশেষ ফেছবুক পোষ্ট৷
বিবাহৰ চাৰি বছৰৰ ভিতৰতে দাম্পত্যত ফাঁট মেলিছে হাৰ্দিক-নাতাশাৰ৷ নিজৰ নামৰ পৰা পাণ্ডিয়া উপাধিও আঁতৰাই দিছে নাতাশাই৷ তাৰপিছতেই বিচ্ছেদ প্ৰায় খাটাং বুলি একাংশই মন্তব্য কৰিছে৷
নাতাশাই এটা ইনষ্টাগ্ৰাম পোষ্ট শ্বেয়াৰ কৰিছে৷ তাত তেওঁ লিখিছে, ‘মই অপেক্ষা কৰিছো৷ কেতিয়াবা নৈতিকতা, সন্মান আৰু বুদ্ধিমত্তা আকৌ ঘূৰি আহিব৷’ হলীউ়ডৰ খ্যাতনামা তাৰকা ডেনজল ৱাছিংটনৰ অতি পৰিচিত এই উদ্ধৃতি শ্বেয়াৰ কৰি এইবাৰ বৃহৎ এক ইংগিত দিছে নাতাছাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ