টকিঅ’ অলিম্পিকৰ সোণৰ পদক বিজয়ী ভাৰতীয় জেভলিন থ্ৰ’ৱাৰৰ নীৰজ চোপ্ৰালৈ আগবঢ়োৱা হৈছে পৰম বিশিষ্ট সেৱা বঁটা৷
ভাৰতীয় সেনা বাহিনীৰ চতুৰ্থ ৰাজপুটন ৰাইফলছে দেশৰ গৌৰৱ নীৰৱ চোপ্ৰালৈ এই সন্মানীয় বঁটা আগবঢ়াইছে৷
দেশলৈ ট্ৰেক এণ্ড ফিল্ডৰ প্ৰথমটো ব্যক্তিগত শাখাৰ অলিম্পকৰ সোণৰ পদক কঢ়িয়াই অনা নীৰজ চোপ্ৰাক গণতন্ত্ৰ দিৱসৰ দিনাই এই সন্মান প্ৰদান কৰিব চতুৰ্থ ৰাজপুটন ৰাইফলছে৷
উল্লেখ্য যে যোৱা বৰ্ষত জাপানৰ টকিঅ’ত অনুষ্ঠিত অলিম্পিকৰ জেভলিন থ্ৰ’ৰত সোণৰ পদক আজুৰি অনা নীৰজ চোপ্ৰাই ইয়াৰ পিছতে বিভিন্ন সন্মানেৰে সন্মানিত হৈ আহিছে৷
ভাৰত চৰকাৰে ২০২১ বৰ্ষত দেশৰ সৰ্বোচ্চ ক্ৰীড়া বঁটা ধ্যানচান্দ খেল ৰত্ন বঁটাও নীৰজ চোপ্ৰালৈ আগবঢ়াইছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ