কোভিডৰ নতুন ভিৰিয়েণ্ট এক্স-এ ভাৰতত প্ৰৱেশ কৰিব বুলি বিজ্ঞানীসকলে সতৰ্ক কৰি অহাৰ সময়তে এই মাৰাত্মক প্ৰজাতিটো মুম্বাইত ধৰা পৰিছে৷
৩৭৬ টা কোভিড নমুনা পৰীক্ষাৰ ভিতৰত মুম্বাইৰ এজন লোকৰ শৰীৰত কোভিডৰ এক্স প্ৰজাতিটো ধৰা পৰিছে৷ অৱশ্যে এতিয়ালৈকে ৰোগীজনৰ নামসহ কোনো তথ্য চৰকাৰে প্ৰকাশ কৰা নাই৷
এই নতুন প্ৰজাতিটো অ’মিক্ৰণতকৈ ১০ গুণে অধিক মাৰাত্মক বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰি সকলো দেশকে সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ দি আহিছে৷
লগতে পঢ়ক এপ্ৰিলত দেশৰ কোন কোন অঞ্চলত উষ্ণতা বৃদ্ধি পাব!
উল্লেখ্য যে কৰোনা ভাইৰাছে সময়ৰ সৈতে শৰ মিলাই ৰূপ সলাই আহিছে৷ ডেল্টা, অ’মিক্ৰণ আদিৰ পিছত এইবাৰ নতুন ভেৰিয়েণ্ট এক্সৰ আবিৰ্ভাৱ হৈছে৷
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, নতুন প্ৰজাতি এক্স ই অমিক্ৰনৰ উপ-প্ৰকাৰ বি.এ.২-তকৈ কমেও দহ গুণ অধিক সংক্ৰামক। এতিয়ালৈকে বি.এ.2 প্ৰজাতিক কোভিডৰ আটাইতকৈ সংক্ৰামক প্ৰজাতি হিচাপে চিনাক্ত কৰা হৈছে।কোভিডৰ বি.এ.২ উপ-প্ৰজাতিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত ত্ৰাসৰ সৃষ্টি কৰিছিল।
লগতে পঢ়ক ৯০ হাজাৰ মাৰ্কিন ড’লাৰ ধন লৈ পলায়ন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ পত্নীৰ ঘণিষ্ঠ বান্ধৱী
উল্লেখ্য যে এই প্ৰজাতিটো প্ৰথমবাৰৰ বাবে ১৯ জানুৱাৰীত ব্ৰিটেইনত চিনাক্ত কৰা হৈছিল। এতিয়ালৈকে বিশ্বত ৬০০ গৰাকী লোক কোভিডৰ নতুন প্ৰজাতি এক্স ইত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।
দক্ষিণ-পূব এছিয়া, ইউৰোপ আৰু আমেৰিকাৰ বহু দেশত মাৰাত্মক ভাইৰাছবিধ বিয়পি পৰাৰ আশংকা কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















