২৫ ফেব্ৰুৱাৰীত গুৱাহাটীলৈ আহিব দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ৷ সেই উপলক্ষ্যে ইতিমধ্যে সজাই পৰাই তোলা হৈছে গুৱাহাটী মহানগৰী৷ প্ৰশাসনে ডিভাইডাৰত নতুন ৰং লগোৱাৰ লগতে সৌন্দৰ্য বৰ্ধন কৰাও পৰিলক্ষিত হৈছে৷ মুঠতে গুৱাহাটী মহানগৰ প্ৰশাসন দেশৰ ৰাষ্ট্ৰপতিগৰাকীক আদৰিবলৈ সাজু হৈ উঠিছে৷
ৰাষ্ট্ৰপতিৰ আগমনৰ উপলক্ষ্যে অহা ২৫ ফেব্ৰুৱাৰীত মহানগৰৰ বাবে নতুন পথ নিৰ্দেশনা জাৰি কৰা হৈছে৷ GMCৰ আয়ুক্ত আৰু মহানগৰ যান বাহন উপ আৰক্ষী আয়ুক্তই এক সংবাদ মেলযোগে ঘোষণা কৰি এই নতুন পথ নিৰ্দেশনা জাৰি কৰিছে৷
২৫ ফেব্ৰুৱাৰীত নামনিৰ পৰা অহা বাহনসমূহ জালুকবাৰীৰ পৰা গুৱাহাটী ভিতৰলৈ আহিব নোৱাৰিব৷ সেই দিশৰ পৰা অহা সকলো বাহনেই ৰাষ্ট্ৰীয় ঘাইপথেৰে যাব লাগিব৷
পুৱা ৭ বজাৰ পৰা নিশা ৯ বজালৈকে এ টি ৰোড, তয়বুল্লা পথ, বি বৰুৱা ৰোড, জি এছ ৰোডৰ লগতে পাঞ্জাবাৰী ৰুটত বাণিজ্যিক বাহন চলাচল বন্ধ থাকিব৷ বাহনসমূহক ভিতৰৰ পথেৰে চলাচল কৰিবলৈ কোৱা হৈছে৷
ইফালে বিমানবন্দৰৰ পৰা মালিগাঁৱৰ কামাখ্যা গেটলৈকে ১১.২০ৰ পৰা ১২.১৫ বজালৈকে পথটো মুকলি ৰাখিবলৈ আহ্বান জনোৱা হৈছে৷ অৰ্থাৎ সেই সময়ৰ ভিতৰত সেই পথছোৱাৰে অহা-যোৱা কৰিবলৈ মানা কৰা হৈছে৷
কামাখ্যাধাম দৰ্শন কৰিবলৈ যোৱা দৰ্শনাৰ্থীয়ে কামাখ্যালৈ নিৰ্মাণ কৰা নতুন পথেৰেহে যাব পাৰিব৷ পুৱা ৬..৩০ বজাৰ পৰা ২ বজালৈ এই নিষেধাজ্ঞা বাহাল থাকিব৷
মহানগৰ প্ৰশাসনে ৰাষ্ট্ৰপতি ভ্ৰমণৰ সময়ত গুৱাহাটীখনক চাফা কৰি ৰাখিবলৈও অনুৰোধ কৰিছে।
ৰাষ্ট্ৰপতিগৰাকী যোৱা পথেৰে পথৰ কাষত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক নিজৰ সন্মুখৰ ঠাইসমূহ লেতেৰা নকৰি চাফ চিকুণ কৰিব ৰাখিবলৈ প্ৰশাসনে অনুৰোধ কৰিছে।
পৰাপক্ষত ৰাষ্ট্ৰপতি গৰাকী অহাৰ সময়ত দোকানখন বন্ধ কৰি ৰাখিবলৈ অনুৰোধ কৰিছে প্ৰশাসনে। অৱশ্যে দোকান বন্ধ কৰাৰ কোনো চৰকাৰী নিৰ্দেশনা নাথাকে৷ ফুটপাথৰ দোকানসমূহকো শৃংখলাবদ্ধভাৱে ৰাখিবলৈ অনুৰোধ কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ