সুৰাপান কৰি হোলীৰ উদযাপন কৰা এগৰাকী যুৱকে নিজৰ বুকুতে ছুৰি আঘাত কৰাৰ দৰে এক ভয়াৱহ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷
ঘটনাটো মধ্যপ্ৰদেশৰ বাগংগা অঞ্চলত সংঘটিত হোৱা বুলি প্ৰকাশ পাইছে৷
আৰক্ষীয়ে প্ৰকাশ কৰা মতে যোৱা বৃহস্পতিবাৰে নিশা সুৰাপান কৰি বলিউদৰ হিন্দী গীতৰ তালে তালে নৃত্য কৰি থকা অৱস্থাতে গোপাল ছোলাংকি নামৰ ৩৭ বছৰীয়া যুৱকজনে নিজৰ বুকুতে ছুৰিৰে আঘাত কৰে৷
লগতে পঢ়ক প্ৰেমিকৰ সৈতে যৌন সম্ভোগৰ ভিডিঅ’ ফাদিল কৰি ১৪৯ কোটি টকা উপাৰ্জন!
ইফালে ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যুৱকজনে কেবাজনো বন্ধুৰ সৈতে এটা হিন্দী গীতত নৃত্য কৰি আছে৷ তেনে অৱস্থাত যুৱকজনে হাতত লৈ থকা ছুৰিখনেৰে নিজৰ বুকুত কে’বাবাৰো আঘাত কৰে৷ ছুৰিৰ আঘাতত লগে লগে যুৱকনজৰ বুকুৰ ৰাঙলী হৈ পৰে৷
A man succumbed to injuries in Indore, he was dancing with a knife in his hand during holi celebrations stabbed himself, he was taken to a hospital where the doctors declared him dead @ndtv @ndtvindia pic.twitter.com/7tbGC9T9BB
— Anurag Dwary (@Anurag_Dwary) March 19, 2022
ঘটনাটো এগৰাকী মহিলাৰ দৃষ্টিগোচৰ হয়৷ লগে লগে যুৱকজনৰ সৈতে নৃত্য কৰি থকা যুৱককেইজনক অৱগত কৰে৷
ইয়াৰ পিছতে আহত যুৱকজনক বন্ধুকেইজনৰ সহায়ত পৰিয়ালৰ লোকে ততাতৈয়াকৈ শ্ৰী অৰবিন্দ ইনষ্টিটিউট মেডিকেল চাইন্সলৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ