বিশ বছৰ আগতে কিম কাৰ্দাচিয়ানৰ কোনো পৰিচয় নাছিল। পেজ থ্ৰীত কেতিয়াবা ২২ বছৰীয়া ছোৱালীজনীৰ নাম উলাইছিল। উকীল ৰবাৰ্ট কাৰ্দাচিয়ানৰ জীয়ৰী হিচাপেহে কিছু পৰিচয় আছিল। উকীল ৰৰ্বাট হৈছে আমেৰিকান ফুটবলাৰ আৰু জে ছিম্পছনৰ বন্ধু।
২০০২ চনৰ কথা৷ আন কেইটামান কাৰণত কিম কাৰ্দাচিয়ানৰ নাম চৰ্চালৈ আহিছিল। মানুহে তেওঁক হিল্টন হোটেলৰ উত্তৰাধিকাৰী পেৰিছ হিল্টনৰ বন্ধু হিচাপেও জানিছিল। হিপ হপ গায়কজনক ব্ৰেণ্ডিৰ ষ্টাইলিষ্ট হিচাপেও দেখা গৈছিল। কিম ৰে জেৰ নৰউডৰ প্ৰেমিকাও আছিল৷
কিন্তু কেইবছৰমানৰ ভিতৰতে ছবিখন সলনি হ’ল। ৰাতিটোৰ ভিতৰতে কিম তাৰকা হৈ পৰিছিল। এটা বিশেষ ভিডিঅ’ৱে কিমক ৰাতিটোৰ ভিতৰতে তাৰকা হোৱাত সহায় কৰা বুলি বহুলোকে দাবী কৰিছিল৷
লগতে পঢ়ক বিবাহ অনুষ্ঠানতে অভিনৱ চুক্তিপত্ৰ কইনাৰ, এইবোৰ কাম কৰিবই লাগিব স্বামীয়ে!
কিম কাৰ্দাচিয়ানৰ ৰে জেৰ সৈতে কিমৰ যৌন সম্ভোগৰ এটা ভিডিঅ’ ফাদিল হোৱাৰ লগে লগে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। ৰাতিটোৰ ভিতৰতে চৰ্চালৈ আহে৷
এটা ব্ৰিটিছ টেবলইডে দাবী কৰিছিল যে কিমে ২০০২ চনৰ অক্টোবৰত ৰে জেৰ সৈতে মেক্সিকোৰ কাবো চান লুকাছলৈ ফুৰিবলৈ গৈছিল। কিম আৰু প্ৰেমিকে তেওঁলোকৰ লগত এটা কেমকৰ্ডাৰ লৈ গৈছিল। সেইটোৰে ভ্ৰমণৰ আমোদজনক ছবিবোৰৰ উপৰিও ই দুয়োজনৰ অন্তৰংগ মুহূৰ্তবোৰ বন্দী কৰিছিল।
কিম আৰু ৰায়ৰ ব্যক্তিগত মুহূৰ্ত তথা যৌন সম্ভোগৰ এটা ভিডিঅ’ ফাদিল হয়৷ এইটো ২০০৭ চনতহে ফাদিল হৈছিল। কিমৰ যৌন সম্ভোগৰ উক্ত ভিডিঅ’টো এতিয়ালৈকে ইন্টাৰনেটত ১৫০ মিলিয়ন বাৰ দৰ্শন কৰা হৈছে।
লগতে পঢ়ক ‘দাঢ়ি, টুপী, বোৰ্খা আৰু লুঙী’ৰ চৰকাৰ বনোৱা তত্ত্বৰ পৃষ্ঠপোষক ৰিপুণ বৰা’
কিন্তু তাৰ আগতে কিমৰ বন্ধু পেৰিছ হিল্টনৰ সৈতে আন এটা ভিডিঅ’ই হলিউডত এক আলোড়নৰ সৃষ্টি কৰিছিল। ভিডিঅ’টো ২০০১ চনত পেৰিছে ৰেকৰ্ডিং কৰা হৈছিল। পেৰিছৰ লগত তাইৰ প্ৰেমিক ৰিক চলোমন আছিল। দুয়োজনৰ মাজত ঘনিষ্ঠ মুহূৰ্তবোৰ ২০০৪ চনত ফাদিল কৰা হৈছিল। সেইটো পেৰিছে ফাদিল কৰা বুলি চৰ্চা চলিছিল৷
অৱশ্যে পেৰিছে সদায় দাবী কৰি আহিছে যে উক্ত ভিডিঅ’টো তেওঁ ফাদিল কৰা নাছিল। কিন্তু এটা আমেৰিকান টেবলইডে দাবী কৰিছে যে ‘ৱান নাইট ইন পেৰিছ’ এই ভিডিঅ’টো ৰাজহুৱা কৰাৰ ফলত পেৰিছে ১ মিলিয়ন ডলাৰ উপাৰ্জন কৰিছে।
ইফালে কিমে ৪১ মিনিটৰ ভিডিঅ’টো বন্ধ কৰিবলৈ আইনী যুঁজও চলাইছিল। অৱশ্যে কিম এই প্ৰচেষ্টাত তেওঁ সফল নহ’ল। ইয়াৰ পিছতে ২০০৭ চনত কিমৰ দ্বিতীয়টো ভিডিঅ’ ফাদিল হয়, যিটো ভিডিঅ’ৱে ৰাতিটোৰ ভিতৰতে কিমক তাৰকা সজাই পেলালে৷
প্ৰকাশ পোৱা মতে দ্বিতীয় ভিডিঅ’টো ইণ্টাৰনেট উপলব্ধ হোৱাৰ বাবে ভিডিঅ’টোৰ পৰা কিমে ২০ নিযুত ডলাৰ উপাৰ্জন কৰিছে, অৰ্থাৎ ভাৰতীয় মুদ্ৰাত ১৪৯ কোটি টকাতকৈও অধিক! কিমে এই ভিডিঅ’টোৰ পৰা তেওঁৰ প্ৰাক্তন প্ৰেমিক পেৰিছতকৈ অধিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ