বিবাহ অনুষ্ঠানতে স্বামীৰে এক অভিনৱ চুক্তি স্বাক্ষৰ কৰিছে এগৰাকী কইনাই৷ কইনাগৰাকীয়ে বিয়াৰ পিছত তেওঁৰ স্বামীয়ে কি কি কৰিব লাগিব তাৰ এক তালিকা প্ৰস্তুত কৰি দিছে৷
উক্ত চুক্তিপত্ৰখন এটা ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা হৈছে৷ ‘মেকআপ বাই ভূমিকা সাজ’ নামৰ ইনষ্টাগ্ৰাম একাউণ্টটোৰ এটা ভিডিঅ’ত শ্বেয়াৰ কৰা উক্ত চুক্তিপত্ৰখনত কি কি আছে?
ভিডিঅ’টোত এটা খামৰ পৰা এখন পত্ৰ উলিওৱা দেখা গৈছে৷ তাত ইংৰাজীতে কনফিডেন্সিয়েল’ শব্দটো লিখা আছে৷ উক্ত পত্ৰখনত কি আছে বুলি বহুতে প্ৰশ্ন কৰিছে৷
লগতে পঢ়ক গুজৰাট আৰু কৰ্ণাটকৰ শিষ্ঠানুষ্ঠানত বাধ্যতামূলক হ’ব ‘ভাগৱত গীতা’ৰ অধ্যয়ন
ইয়াৰ পিছতে খামৰ পৰা লাহে লাহে পত্ৰখন উলিওৱা হৈছে৷ তাতে ইংৰাজীত লিখা বাক্যটোৰ অৰ্থ হৈছে ‘কৰণ আৰু হৰষুৰ প্ৰেমৰ চুক্তিপত্ৰ৷’ অৰ্থাৎ দৰাৰ নাম কৰণ আৰু কইনাৰ নাম হৰষু৷
উক্ত চুক্তিপত্ৰখনত লিখা আছে যে বিবাহৰ পিছত স্বামীয়ে পত্নীক সদায় তিনিবাৰকৈ ‘আই লাভ ইউ’ বুলি ক’ব লাগিব৷
লগতে পঢ়ক সাগৰৰ পাৰত ২ ডজনতকৈ অধিক তিমিৰ মৃত্যু
তাৰ লগতে আৰু উল্লেখ কৰা হৈছে প্ৰতি ৰাতি পত্নীৰ সৈতে স্বামীয়ে গান গাব লাগিব৷ লগতে চিকেনৰ হাড় খোৱাব নোৱাৰিব৷ পত্নীৰ নামত শপত খাই সদায় সঁচা কথা ক’ব লাগিব৷ আমৃত্যু পত্নীক ভাল পায় থাকিব লাগিব৷
এই চুক্তিপত্ৰ ভাইৰেল হোৱাৰ পিছতে এতিয়া সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চা লাভ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ