ঋণৰ বোজাই চেপিছে দেশৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাক৷ বিপুল পৰিমাণৰ ঋণত ডুবিছে নেশ্ব্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়া বা এন এইচ আই৷ যাক লৈ চিন্তাত এইবাৰ কেন্দ্ৰীয় চৰকাৰ৷ বিগত কেইবাবছৰ দেশৰ বিভিন্ন প্ৰান্তত ৰাস্তা তৈয়াৰ আৰু মেৰামতিৰ কাম চলি আছে৷ এই কামৰ বাবেই এন এই আইয়ে যথেষ্ট পৰিমাণৰ অৰ্থ ব্যয় কৰিব লগা হৈছে৷ সূত্ৰৰ খবৰ অনুসৰি এই কামৰ বাবে বৰ্তমানলৈকে এন এইচ আইয়ে ঋণ লৈছে ৩লাখ ৪০ হাজাৰ কোটি টকা৷ ঋণৰ পৰিমান ইমানেই বৃদ্ধি পাইছে যে ঋণ নোলোৱাৰ সিদ্ধান্ত হৈছে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ সংস্থাই৷
কেইবাটাও ৰেটিং সংস্থাৰ পৰ্যবেক্ষণত প্ৰকাশ পাইছে যে, চলিত অৰ্থবৰ্ষত দেশত ৰাস্তা তৈয়াৰৰ পৰিমাণ কমিব৷ ৰাস্তা নিৰ্মাণৰ কামৰ গতিও পূৰ্বতকৈ শ্ল হ’ব৷ কেয়াৰেজ নামৰ এক সংস্থাই জনোৱা অনুসৰি ২০২৪-২৫ বৰ্ষত এন এইচ এআইে সৰ্বোচ্চ ১১,১০০ৰ পৰা ১১,৫০০ কিঃমিঃ পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিব৷ বিগত অৰ্থবৰ্ষত ১২,৩৪৯ কিঃমিঃ ৰাস্তা নিৰ্মাণ হৈছিল৷ ইণ্ডিয়া ৰেটিংছ এণ্ড ৰিচাৰ্ছ নামৰ আন এক সংস্থাই পৰ্যবেক্ষণৰ অন্তত জনাইছে যে ২০২৫ অৰ্থবৰ্ষৰ মাজত ১১,২৫০ কিঃমিঃতকৈ বেছি ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কৰিব নোৱাৰিবও পাৰে এন এইছ এআইয়ে৷
কিয় ৰাস্তা নিৰ্মাণত সমস্যাৰ মুখামুখি হৈছে চৰকাৰ? নেপথ্যত আছে কেইবাটাও কাৰণ৷ তাৰ মাজতেই অন্যতম ৰাষ্ট্ৰীয় ঘাইপথে মাটি অধিগ্ৰহণ কৰা৷ ইয়াৰো গ্ৰীনফিল্ড প্ৰকল্পৰ কাৰণেও এই কামত বাধা আহিছে৷ ৰেটিং সংস্থাসমূহে দাবী কৰিছে যে ঋণৰ বোজা কমাবলৈ বৰ্তমান ৰাস্তাৰ কাম কৰা বৰ্তমান কমাই দিছে৷ তেওঁলোকে এতিয়া ঋণ মৰা কামতহে অগ্ৰাধিকাৰ দিবলৈ আগবাঢ়িছে৷ আগন্তুক কেইবছৰৰ ভিতৰত সমস্ত ঋণ শেষ কৰিব খোজে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ