অসম লাইভ ২৪ঃ বৰ্তমান সময়ত নাৰীৰ সুৰক্ষা এক ডাঙৰ প্ৰত্যাহ্বান৷ সাম্প্ৰতিক সময়ৰ এক ব্যাধি ধৰ্ষণ কাণ্ড৷ ধৰ্ষণকাণ্ড ৰোধৰ বাবে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে যদিও ৰোধ কৰিব পৰা নাই এই অপৰাধ৷ শেহতীয়াকৈ এক বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে পাকিস্তানৰ সংসদে৷ ধৰ্ষণকাৰীৰ বিৰুদ্ধে Chemical Castration অৰ্থাৎ ৰাসায়নিক বন্ধ্যাকৰণৰ আইন প্ৰণয়ন কৰে চৰকাৰে৷ ইয়াৰ জৰিয়তে নপুংসকলৈ ৰুপান্তৰিত কৰিব ধৰ্ষণকাৰীক৷ উল্লেখ্য, বিশ্বৰ ভিতৰতে সৰ্বাধিক ধৰ্ষণকাণ্ড সংঘটিত হয় পাকিস্তানত৷ চৰকাৰী তথ্য অনুসৰি পাকিস্তানত দৈনিক ১১ টা ধৰ্ষণকাণ্ড সংঘটিত হয়৷ এইক্ষেত্ৰত পাকিস্তানৰ এই সিদ্ধান্ত গ্ৰহণযোগ্য৷ ইয়াৰ বিপৰীতে ভাৰতত এই অপৰাধৰ সংখ্যা উদ্বেগজনকভাৱে৷ চৰকাৰী তথ্য অনুসৰি, ভাৰতত ২০২০ চনত ৮০ হত্যাকাণ্ড আৰু ৭৭ টা ধৰ্ষণকাণ্ড প্ৰতিদিনে সংঘটিত হৈছে৷ ইয়াৰে বহুতো ধৰ্ষণ আৰু হত্যাকাণ্ডত পোহৰলৈ অহা তথ্যমতে ধৰ্ষন কৰাৰ পাছত বহু ভোক্তভোগীক বিভিন্ন সামগ্ৰীৰে অত্যাচাৰ কৰে ধৰ্ষণকাৰীয়ে৷ গতিকে এনেক্ষেত্ৰত ধৰ্ষণকাণ্ড ৰোধত কিমান দূৰ সফল হ’ব এই Chemical Castration৷ প্ৰকৃততে Chemical Castration অৰ্থাৎ ৰাসায়নিক বন্ধ্যাকৰণে ৰোধ কৰিব পাৰিবনে ধৰ্ষণকাণ্ড?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ