কাবুলৰ বিশেষ ক্লাবটো তেওঁৰ খুবেই পছন্দৰ আছিল৷ বহু যুৱকৰ সৈতে একেলগে তেওঁ বিশেষ ক্লাবটোত ব্ৰেক ডান্স কৰিছিল৷ ব্ৰেক ডান্স তেওঁৰ প্ৰিয় বিষয়৷ তেওঁ সপোন দেখিছিল এদিন তেওঁ ব্ৰেক ডান্সাৰ হৈ উঠিব৷ ব্ৰেক ডান্সাৰ আমাৰ দেশত সাধাৰণ কথা হ’লেও তালিবানে দখল কৰা কাবুলিৱালাৰ দেশত সেয়া অপৰাধ৷ আফগানিস্তানত নাৰীক লৈ আছে কেতবোৰ নিষেধাজ্ঞা৷ নাৰীয়ে বোৰ্খা খুলিব নোৱাৰা দেশত ব্ৰেক ডান্স এক গুৰুতৰ অপৰাধতকৈ কম নহয়৷
সপোন কাঢ়ি লোৱা দেশত কেনেকৈ জীয়াই থকা যায়? কেনেকৈ আশাবোৰক জগাই তোলা যায়৷ ব্ৰেক ডান্সাৰ হিচাপে নিজকে গঢ়িব খোজা তালাশেও সেয়ে কৰিছিল দেশ এৰাৰ পৰিকল্পনা৷ ভৱামতেই মানিজা তালাশে সেয়া কৰি দেখুৱাইছে৷ আফগানিস্তানৰ পৰা পলাই অহা তালাশ এতিয়া পেৰিছ অলিম্পিকত৷ বিশ্বৰ বিভিন্ন কোণৰ পৰা অহা খেলুৱৈৰ সৈতে সমান্তৰালভাৱে নিজৰ প্ৰতিভাৰে উজলি উঠিছে তালাশ৷ তালাশক অলিম্পিকৰ মঞ্চত দেখি আকৌ এবাৰ তালাশৰ জীৱনৰ সেই দুৰ্বিসহ দিনবোৰৰ কথা চৰ্চালৈ আহিছে৷
এইবাৰৰ অলিম্পিকত উজলি উঠিছে ব্ৰেকিং৷ এই ইভেণ্টক ব্ৰেক ডান্স বুলিও কোৱা হয়৷ অলিম্পিকত ইয়াৰে দুটা ইভেণ্ট আছে৷ এটা বি-বয়েজ আৰু আনটো বি-গাৰ্লছ৷ মানিজা নামিব বি-গাৰ্লজ ইভেণ্টত৷ তিনিবছৰ পূৰ্বে আফগান কন্যাগৰাকীয়ে জনা নাছিল তেওঁৰ বাবে অন্য এখন পৃথিৱীয়ে যে এনেকৈ অপেক্ষা কৰি আছে৷ ৩ বছৰ পূৰ্বে অৰ্থাৎ ২০২১ চনত তালিবানী ক্ষমতা লোৱাৰ পাছতেই কাবুলত নাচৰ ক্লাব বন্ধ কৰি দিয়া হয়৷ মহিলাৰ বাবে বন্ধ হ’লেও পুৰুষৰ বাবে অৱশ্যে খোলা আছে ক্লাব৷ মহিলাই নাচ নচাটো ডাঙৰ অপৰাধ বুলি তেওঁলোকে আইন তৈয়াৰ কৰিলে আফগানিস্তানত৷ উপায়হীন হৈ মানিজাই সেই দেশ এৰিবলৈ সিদ্ধান্ত লয়৷ কিন্তু ভৱামতেই এখন দেশ এৰি পলাই অহাটো জানো সহজ কথা? কাবুলৰ পাহাৰীয়া পথেৰে পাকিস্তানত আশ্ৰয় লয়হি মানিজাই৷ কিন্তু সেই দেশো পছন্দৰ নহ’ল মানিজাৰ৷ জীৱন আৰু সপোন বিচাৰি পাকিস্তান এৰি স্পেইন পালেগৈ মানিজা৷ অৱশেষত সেই দেশত তেওঁ বিচাৰি পালে শান্তি আৰু সপোন দুয়োটাই৷ সপোন খেদি খেদি এইবাৰ মানিজা পাইছেগৈ পেৰিছ৷ পেৰিছ অলিম্পিকত মানিজাই বিশেষ ইভেণ্টৰ বাবে সাঁজু হৈছে৷
২১ বছৰীয়া মানিজাই কয়, ‘মই সপোনৰ হাতত ধৰি সকলো পাহৰি এখন দেশৰ পাছত আনখন দেখ এৰিছো৷ ক’লৈ গৈছো, কেনেকৈ থাকিম এইবোৰতকৈ মোৰ বাবে ডাঙৰ আছিল মোৰ সপোনটোহে৷ অৱশ্যে সপোন ইমান বিশালো নাছিল যে মই অলিম্পিক পামহি৷ সপোন কেনেকৈ ইমান সুন্দৰ হৈ উঠিব পাৰে এতিয়াহে ভাৱিছো৷ নিজৰ দেশ এৰি অন্য এখন দেশত গৈ জীয়াই থকাটো খুব কঠিন৷ কিন্তু সেই কঠিনতাৰ সন্মুখত এই সপোন খুবেই ৰঙীন৷ মই মোৰ এই সপোনবোৰ আফগানিস্তানৰ প্ৰতিগৰাকী কন্যাই দেখাটো বিচাৰো৷ আফগানিস্তানৰ প্ৰতিগৰাকী কন্যাই কৰি থকা যুঁজবোৰেই মোক আকৌ এবাৰ তুলি ধৰে৷ মোক সাহস দিয়ে৷ মই পিছপৰিব নোৱাৰো৷ আগুৱাই যাবই লাগিব৷’
কিন্তু এইখিনিতেই প্ৰশ্ন হয়, অলিম্পিকৰ এটা পদকে সলাব পাৰিবনে মানিজাৰ জীৱন? নে তেওঁ দেখা সপোনবোৰ বৃথা এক সপোন? এই বিষয়টোক হয়তো নিজেও জুঁকিয়াই চাইছে মানিজাই৷ এই সন্দৰ্ভত মানিজাই এক সাক্ষাৎকাৰত কৈছে, ‘এটা পদক জয় কৰা মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়৷ মই আফগানিস্তানৰ প্ৰতিজন লোকক প্ৰমাণ দিব খোজো যে ব্ৰেক ডান্স এটা নাচেই নহয় ই এক ক্ৰীড়া, ই এক কলা, ই এক সংস্কৃতিৰো অংশ৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ