বহু কেইখন দেশে প্ৰদান কৰিলে সৰ্বোচ্চ সন্মান, ১০ বছৰত লাভ কৰিছে বহুকেইটা আন্তঃৰাষ্ট্ৰীয় বঁটা
সমগ্ৰ বিশ্বতে দিনে দিনে জনপ্ৰিয়তা বৃদ্ধি পাই গৈ আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। যাৰ ফলতে মাথো ১০বছৰৰ ভিতৰতে মোদীয় লাভ কৰিলে বহু কেইটা আন্তঃৰাষ্ট্ৰীয় বঁটা। বহু কেইখন দেশে প্ৰদান কৰিলে সেই দেশখনৰ সৰ্বোচ্চ সন্মান।
২০১৬ চনত প্ৰধানমন্ত্ৰী মোদীক আফগানিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান আমিৰ আমানুল্লাহ খান বঁটাৰে সন্মানিত কৰা হৈছিল।
একে বৰ্ষতে প্ৰধানমন্ত্ৰী মোদীক চৌদি আৰৱৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘কিং আব্দুল আজিজ চেছ’ সন্মানেৰে সন্মানিত কৰা হৈছিল।
ইজৰাইলৰ সৈতে যুদ্ধ কৰি থকা পেলেষ্টাইনেও ২০১৮ চনত প্ৰধানমন্ত্ৰী মোদীক গ্ৰেণ্ড কলাৰ অৱ দ্য ষ্টেট অৱ পেলেষ্টাইন বঁটাৰে সন্মানিত কৰিছে।
সংযুক্ত আৰব আমিৰশ্বাহীয়ে ২০১৯ চনত প্ৰধানমন্ত্ৰী মোডীক অৰ্ডাৰ অৱ জায়েদ বঁটাৰে সন্মানিত কৰিছে।
২০১৯ চনত মালদ্বীপে প্ৰধানমন্ত্ৰী মোদীক নিশান ইজ্জুদ্দিন বঁটাৰে সন্মানিত কৰিছিল। অৱশ্যে সেই সময়ত মহম্মদ মুইজু চৰকাৰ নাছিল।
২০১৯ চনত বাহৰেইনৰ দ্য কিং হামাদ অৰ্ডাৰ অৱ দ্য ৰেনেছাঁ বঁটাৰে সন্মানিত হৈছে প্ৰধানমন্ত্ৰী মোডীক।
২০১৯ চনত ৰাছিয়াৰ চেণ্ট এণ্ড্ৰু দ্য এপষ্টলৰ অৰ্ডাৰো লাভ কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে।
২০২০ চনত আমেৰিকাই প্ৰধানমন্ত্ৰী মোডীক আমেৰিকাৰ সশস্ত্ৰ বাহিনী বঁটা আৰু লিজিয়ন অৱ মেৰিট বঁটাৰে সন্মানিত কৰিছে।
পালাউৰ আবাকাল বঁটাও ২০২৩ চনত প্ৰধানমন্ত্ৰী মোডীক প্ৰদান কৰা হৈছে।
২০২১ চনত প্ৰধানমন্ত্ৰী মোডীক ভূটানৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অৱ দ্য ডুক গ্যালপোৰে সন্মানিত কৰা হয়।
২০২৪ বৰ্ষত লাভ কৰে কেইবাটাও সন্মান। গায়ানাৰ পৰা লাভ কৰে- ‘অৰ্ডাৰ অৱ এক্সেলেন্স’। ডমিনিকাৰ পৰা ‘ডমিনিকা এৱাৰ্ড অৱ অনাৰ’। নাইজেৰিয়াৰ পৰা গ্ৰেণ্ড কমাণ্ডাৰ অৱ দ্য অৰ্ডাৰ অৱ দ্য নাইজা। ৰাছিয়াৰ পৰা ‘অৰ্ডাৰ অৱ চেণ্ট এণ্ড্ৰু’। ভূটানৰ পৰা ৰ্ডাৰ অৱ দ্য ড্ৰুক গ্যালপো।
২০২৪ বৰ্ষৰ ২২ ডিচেম্বৰত কুৱেইটৰ পৰা লাভ কৰে দেশ খনৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ মুবাৰক অল-কাবেৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ