অসম লাইভ২৪ঃ
২৫ জানুৱাৰীত সমগ্ৰ দেশৰ লগতে অসমৰো ছবিগৃহত মুক্তিলাভ কৰিব শ্বাহৰুখ খান অভিনীত আৰু আদিত্য চোপ্ৰা পৰিচালিত ছবি ‘পাঠান’য়ে।
মুক্তিৰ পূৰ্বৰে পৰাই চৰ্চাত থকা এই ছবিখন অসমত নিষিদ্ধ কৰিবলৈ সাব্যস্ত হৈছে এটাৰ পাছত আনটো প্ৰতিবাদ।
হিন্দুত্ববাদী সংগঠনৰ তৰফৰ পৰা দাখিল কৰা হৈছে এজাহাৰো।
এইসমূহৰ মাজতে এইবাৰ ছবিখনক লৈ নিজা মত ব্যক্ত কৰিলে অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই।
মন্তব্যত ৰবি শৰ্মাই ছবি চোৱাটো কাপোৰ পিন্ধাৰ দৰে কথা বুলি উল্লেখ কৰিছে।
কোনোৱে ভাল পালে পোছাক পিন্ধিব, বেয়া পালে নিপিন্ধিব বুলি কয় অভিনেতাগৰাকীয়ে।
কলা আৰু সংস্কৃতিৰ মাজত ৰাজনীতিক সোমাব নালাগে বুলিও কয় অভিনেতাগৰাকীয়ে।
কোনো এটা ৰাজনৈতিক দলৰ ভাৱধাৰা বা ধৰ্মীয় আঘাত হনা ছবি পূৰ্বেও বহু মুক্তি পাইছে।
একাংশই বেনাৰ-পোষ্টাৰ ফালিয়েই প্ৰচাৰ লাভ কৰিব বিচাৰে বুলিও কয় অভিনেতাগৰাকীয়ে।
আনে কৰা কামৰ যশ ল’ব বিচৰা ঘটনা বৰ্তমান সহজলভ্য হৈ পৰিছে বুলিও কয় অভিনেতা ৰবিয়ে।
‘পাঠান’ ৰবি শৰ্মাই নিশ্চয়কৈ চাব বুলি সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টৰূপত জনায় শৰ্মাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ