ইয়াৰ আগতে উল্লেখ কৰিছিলো যে মাছৰ উজান অহাৰ দৰে শ্বেয়াৰ বজাৰতো আহে উজান। টকাৰ উজান। এতিয়া প্ৰশ্ন হয়, টকাৰ উজান মানে কি? য’তে ত’তে উৰি ফুৰে নেকি টকা? নহয়। এই উজানৰ অৰ্থ কিছু বেলেগ। শ্বেয়াৰ বজাৰত উজান অহাৰ অৰ্থ হ’ল – কিছুমান কোম্পানীৰ শ্বেয়াৰ অতি কম দামত কিনাৰ সুবিধা। ভাৰতৰ শ্বেয়াৰ বজাৰত বৰ্তমান এই সুবিধা আহিছে। কিছুমান শ্বেয়াৰ দাম এক তৃতীয়াংশ লৈ কমিছে। ধৰা হ’ল কোনো এটা কোম্পানীৰ শ্বেয়াৰৰ ট্ৰেডিং লেভেল ৭০/- টকাৰ পৰা ৯০/- টকাৰ ভিতৰত।
SEE MORE: মাটিৰ পাত্ৰত গৰম চাহ খোৱাৰ উপকাৰিতা
তেন্তে সেই শ্বেয়াৰটোৰ দাম বৰ্তমান ২৫/- টকালৈ নামিছে । অৰ্থাৎ এতিয়া তেনে শ্বেয়াৰ কিনিব পাৰিলে কম সময়ত অধিক লাভ আৰ্জন কৰিব পাৰি। অৱশ্যে এই ক্ষেত্ৰত অভিজ্ঞতা আৰু সতৰ্কতাৰ প্ৰয়োজন হয়। কিয়নো কোনো এটা শ্বেয়াৰৰ দাম যদি ট্ৰেডিং লেভেলতকৈ ৫০% বা ততোধিক নিম্নগামী হয় তেন্তে সেই শ্বেয়াৰটো কিনাৰ সময়ত যথেষ্ট সতৰ্ক হ’ব লাগে।
SEE MORE: ADULT FILMত অভিনয় কৰি হাতে-লোটে ধৰা পৰিল উৰ্ফি জাভেদ
যদি কোনো এটা কোম্পানীৰ প্ৰম’টাৰ অৰ্থাৎ মালিক পক্ষই ২০ % বা তাতকৈ অধিক শ্বেয়াৰ বিক্ৰী কৰা বাবে শ্বেয়াৰটোৰ দাম ট্ৰেডিং লেভেলতকৈ ৫০% কম হয় তেন্তে সেই শ্বেয়াৰ ক্ৰয় কৰিব নালাগে। আনহাতে, শ্বেয়াৰ বজাৰত ট্ৰেডাৰে লাভ আৰ্জন কৰাৰ বাবে অধিক শ্বেয়াৰ বিক্ৰী কৰিলেও শ্বেয়াৰৰ দাম যথেষ্ট কমি যায়। তেনে শ্বেয়াৰ কিনিব পাৰিলে কম সময়ত চাৰি পাঁচ গুণ লাভ আৰ্জন কৰিব পাৰি। কিন্তু এই ক্ষেত্ৰত শ্বেয়াৰ চিনাক্ত কৰাটো মূল কথা। বৰ্তমান সময়ত পেনিষ্টকসমূহৰ দাম যথেষ্ট কমিছে। অন্য অৰ্থত উজান আহিছে। অৱশ্যে পেনিষ্টক মানে কি তাকো জানিব লাগিব।
সাধাৰণতে ভাৰতৰ শ্বেয়াৰ বজাৰত অৰ্থাৎ এন এছ ই আৰু বি এছ ই ত যিসমূহ শ্বেয়াৰৰ দাম ১০/- টকাত কৈ কম তেনে শ্বেয়াৰক পেনিষ্টক বুলি কোৱা হয়। ভাৰতৰ শ্বেয়াৰ বজাৰত শতাধিক পেনিষ্টক আছে। যোৱা ছয় মাহত বহু পেনিষ্টকৰ দাম ১০/- টকাৰ ওপৰলৈ উঠিছে। তেনে কেইটামান উল্লেখযোগ্য শ্বেয়াৰ হ’ল – ইয়েছ বেংক, ডিছ টিভি, চুজলন এনাৰ্জী, ৰিলায়েন্স কমিউনিকেশ্বন, ৰিলায়েন্স পাৱাৰ, জয়প্ৰকাশ এছ’চিয়েটছ,, জয়প্ৰকাশ পাৱাৰ, জি লাৰ্ন ইত্যাদি। এই শ্বেয়াৰসমূহ কম দামত কিনিব পাৰিলে ভাল। সম্প্ৰতি অন্য কিছুমান শ্বেয়াৰৰ দামো যথেষ্ট কমিছে। সেইসমূহৰ ভিতৰত ভাৰত হেভী ইলেক্ট্ৰিকেলছ, হিন্দুস্থান ক’পাৰ, বেংক অফ ইণ্ডিয়া উল্লেখযোগ্য। এই শ্বেয়াৰ সমূহ এতিয়া যথেষ্ট কম দামত কিনিব পৰা অৱস্থাত আছে। অৰ্থাৎ এই শ্বেয়াৰ সমূহৰ উজান আহিছে।
লিখকঃ মানৱেন্দ্ৰ কুমাৰ দাস
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ