বৃক্ক অৰ্থাৎ কিডনীৰ পাথৰ হৈছে কিডনীৰ এটা ডাঙৰ সমস্যা। সহজ ভাষাত ইয়াক কিডনী ষ্ট’ন বুলি কোৱা হয়।
অধিকসংখ্যক লোকে কিডনী ষ্টনৰ সমস্যাত ভোগে৷ কিডনীত সৃষ্টি হোৱা পাথৰ ডাঙৰ হ’লে গুৰুতৰ সমস্যাৰো সৃষ্টি হ’ব পাৰে। পাথৰ সৰু হৈ থাকিলে ঔষধৰ দ্বাৰাই শৰীৰ পৰা আঁতৰাই পেলাব পাৰি যদিও আকাৰত ডাঙৰ হ’লে অস্ত্ৰোপচাৰৰ বাহিৰে আন কোনো বিকল্প নাথাকে।
অৱশ্যে পাথৰ অতি সৰু হ’লে চিকিৎসকে প্ৰচুৰ পৰিমাণে পানী খোৱাৰ পৰামৰ্শ দিয়ে, যাতে প্ৰস্ৰাৱৰ জৰিয়তে পাথৰটো শৰীৰৰ পৰা নিৰ্গমন হয়। কিন্তু এইবাৰ চিকিৎসকৰ এটা দলে দাবী কৰিছে যে এনে সৰু সৰু পাথৰ আঁতৰোৱাৰ আন এটা উপায় আছে, আৰু সেইটো হৈছে যৌনতা!
লগতে পঢ়ক দুই দলিত কিশোৰী ভগ্নীক গণ ধৰ্ষণ কৰি হত্যা, হত্যা কৰি গছত ওলমাই থ’লে মৃতদেহ
‘জাৰ্নেল অৱ চেক্সুৱেল মেডিচিন’ নামৰ এখন বিজ্ঞান আলোচনীত প্ৰকাশিত ইণ্ডোনেছিয়াৰ চিকিৎসকৰ গৱেষণা পত্ৰত দাবী কৰা হৈছে যে শাৰীৰিক সম্পৰ্ক বা হস্তমৈথুনৰ জৰিয়তে কিডনীৰ পাথৰ সহজে শৰীৰ পৰা নিৰ্গমন হ’ব পাৰে।
কিন্তু তাৰ বাবে ৰোগীয়ে সপ্তাহত কমেও তিনি-চাৰিবাৰ যৌন সম্পৰ্ক স্থাপন কৰিব লাগিব বুলি দলটোৱে দাবী কৰিছে। চিকিৎসকসকলৰ মতে, যৌন সম্পৰ্কৰ সময়ত প্ৰজনন অংগ আৰু আশে-পাশে থকা পেশীবোৰ শিথিল হোৱাৰ বাবে পাথৰ নিৰ্গমন তুলনামূলকভাৱে সহজ হৈ পৰে।
ইণ্ডোনেছিয়াৰ এয়াৰলাংগা বিশ্ববিদ্যালয়ৰ বৃক্ক চিকিৎসকৰ এটা দলে যৌনতা আৰু বৃক্কৰ পাথৰৰ মাজত সম্পৰ্ক আছে নে নাই সেই বিষয়ে জানিবলৈ এই অধ্যয়ন চলাইছিল। এই অধ্যয়নত ৪০৬ জন লোকে অংশগ্ৰহণ কৰিছিল।
লগতে পঢ়ক বিদ্যালয়তে ৪ বছৰীয়া ছাত্ৰীক ডিজিটেল ধৰ্ষণ, আৰক্ষীৰ গোচৰ ৰুজু, কোনে কৰিলে এই ধৰ্ষণ?
চিকিৎসকৰ মতে, সপ্তাহত তিনি-চাৰিবাৰ হস্তমৈথুন বা যৌন সম্পৰ্ক স্থাপন কৰাসকলৰ কিডনীত পাথৰ হোৱাৰ হাৰ ৫.৭ শতাংশ হোৱাৰ লগতে পাথৰ নিৰ্গমনৰ গতিও অধিক দ্ৰুত হয়। নিয়মীয়াকৈ যৌন সম্পৰ্ক স্থাপন কৰা লোকসকলৰ ৬২ শতাংশই কয় যে যৌন সম্পৰ্কৰ ফলত কিডনীৰ পাথৰ হোৱাৰ ফলত হোৱা বিষ বহু পৰিমাণে হ্ৰাস পায়।
অৱশ্যে চিকিৎসকসকলে অনুভৱ কৰে যে সমগ্ৰ বিষয়টোৰ ওপৰত এতিয়াও অধিক গৱেষণাৰ প্ৰয়োজন আছে। তেওঁলোকে এনে সমস্যাৰ সৃষ্টি হ’লে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কোনো কাম কৰাটো অনুচিত বুলিও মন্তব্য কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ