পুনৰ শিশু কন্যাক ডিজিটেল ধৰ্ষণৰ অন্য এক ঘটনা পোহৰলৈ আহিছে৷ এইবাৰো উত্তৰ প্ৰদেশৰ নয়ডাত এগৰাকী ৪ বছৰীয়া ছাত্ৰী ডিজিটেল ধৰ্ষণৰ বলি হৈছে৷
প্ৰকাশিত খবৰ অনুসৰি নয়ডাৰ ৩৭ নং ছেক্টৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ ৪ বছৰীয়া এগৰাকী ছাত্ৰীক এজন অচিনাকী যুৱকে ডিজিটেল ধৰ্ষণ কৰে৷ অসুস্থ ছাত্ৰীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ পাছতহে ঘটনাটো পোহৰলৈ আহে৷
ভুক্তভোগী ছাত্ৰীগৰাকীৰ মাতৃয়ে প্ৰকাশ কৰা মতে তেওঁৰ কন্যা বিদ্যালয়ৰ পৰা ঘৰলৈ আহিয়ে কয় যে শৰীৰত খজুৱতি হৈছে৷ মাতৃয়ে শৰীৰত পাউডাৰ লগাই দিয়াৰ পাছতো খজুৱতি কমি নোযোৱাত ছাত্ৰীগৰাকীক অৱশেষত চিকিৎকৰ ওচৰলৈ লৈ যোৱা হয়৷
লগতে পঢ়ক নিজেই কৰিছে খোলাচা, এবাৰ দুবাৰ নহয় ৪৬৫ বাৰকৈ হৈছে বিয়াৰ কইনা!
চিকিৎসকৰ আগত ছাত্ৰীগৰাকীয়ে বিদ্যালয়ত ঘটা ঘটনাটো বিৱৰী কয়৷ ইয়াৰ পাছতে চিকিৎসকে ছাত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি নিশ্চিত হয় যে ৪ ছাত্ৰীগৰাকী ডিজিটেল যৌন নিৰ্যাতনৰ বলি হৈছে৷ ইয়াৰ পাছতে যোৱা বুধবাৰে ছাত্ৰীগৰাকীৰ অভিভাৱকে নয়ডাৰ ৩৯ নং ছেক্টৰ আৰক্ষী থানাত অভিযোগ দাখিল কৰিছে৷
ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃৰ অভিযোগৰ পিছতে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি বিদ্যালয়খনৰ চিচিটিভি কেমেৰাৰ ফুটেজ পৰীক্ষা কৰি অভিযুক্ত যুৱকজনৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে৷
লগতে পঢ়ক বাটত বৰযাত্ৰীক ভেটা দি দৰাক ৰামপিটন দিলে কইনাঘৰীয়াই! কিয় ৰামপিটন খালে দৰাই?
কি এই ‘ডিজিটেল ধৰ্ষণ’?
আচলতে ডিজিটেলভাৱে সংঘটিত কোনো যৌন অপৰাধক ‘ডিজিটেল ধৰ্ষণ’ বুলি কোৱা নহয়৷ অৰ্থাৎ ইণ্টাৰনেটত কাৰোবাৰ পৰিচয় বিকৃত কৰা বা কোনো ডিজিটেল প্লেটফৰ্মৰ অপব্যৱহাৰ কৰা যোগেদি যৌন অপৰাধ কৰাকে ডিজিটেল ধৰ্ষণ বুলি কোৱা নহয়৷
কিন্তু সন্মতি অবিহনে কোনো ছোৱালী বা নাৰীৰ গোপন অংগত হাতৰ আঙুলি বা ভৰিৰ আঙুলি প্ৰৱেশ কৰোৱাই জোৰকৈ যৌন সম্পৰ্ক কৰাটোকহে ডিজিটেল ধৰ্ষণ বুলি কোৱা হয়৷
আনহাতে, ২০১২ চনৰ ডিচেম্বৰ মাহলৈকে ভাৰতত ডিজিটেল ধৰ্ষণক এক প্ৰকাৰৰ ধৰ্ষণ বুলি গণ্য কৰা হোৱা নাছিল। কিন্তু নিৰ্ভয়া দলবদ্ধ ধৰ্ষণ গোচৰৰ পিছত ভাৰতে এই যৌন অপৰাধক ‘ডিজিটেল ধৰ্ষণ’ হিচাপে শ্ৰেণীভুক্ত কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ