১৩৩ গৰাকী যাত্ৰী লৈ উৰা মৰা এখন ব’য়িঙ বিমান দুৰ্ঘটাগ্ৰস্ত হৈছে৷ দক্ষিণ-পশ্চিম চীনৰ পৰ্বতৰ ওপৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছে৷
সোমবাৰে চিচিটিভিৰ ফুটেজ শ্বেয়াৰ কৰি কোৱা হৈছে যে ৭৩৭ ব’য়িং বিমানখন গৌৱাংক্সী অঞ্চলৰ হুঝচৌ চহৰৰ সমীপৱৰ্তী পৰ্বতৰ ওপৰত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছতে পৰ্বতটোৰ শিখৰত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে৷
লগতে পঢ়ক বিবেক অগ্নিহোত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ : অভিনেত্ৰীক দিছিল কাপোৰ খোলাৰ নিৰ্দেশ!
‘‘চাইনা ৱেষ্টাৰ্ণ এয়াৰলাইনছ ব’য়িং ৭৩৭ বিমানখনে ১৩৩ গৰাকী যাত্ৰী লৈ উৰি থকা অৱস্থাতে গৌৱাংক্সী অঞ্চলৰ হুঝচৌ চহৰৰ সমীপৱৰ্তী পৰ্বতৰ ওপৰ দুৰ্ঘটনাগ্ৰস্ত হৈছে৷’’ চিচিটিভি ফুটেজ শ্বেয়াৰ কৰি অঞ্চলটোৰ জৰুৰী ব্যৱস্থাপনা ব্যু’ৰে এইদৰে কয়৷
ব্যু’ৰ মতে ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ যাত্ৰীসকলক উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে৷
লগতে পঢ়ক স্বামীয়ে কিনি আনিলে পঠা মাংস। পত্নীয়ে নিদিয়ে ৰান্ধি। শেষত স্বামীয়ে অভিযোগ দিলে আৰক্ষীক
স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি সোমবাৰে কুমিঙৰ পৰা উৰণ আৰম্ভ কৰা বিমানখনে নিৰ্দিষ্ট সময়(স্থানীয় সময় দিনৰ ১ বজাত)ৰ ভিতৰত গৌৱাঝৌত অৱতৰণ নকৰাৰ পিছতে বিমানখনৰ অনুসন্ধান আৰম্ভ কৰা হয়৷
ভাইৰেল হোৱা ভিডিঅ’ত দেখা গৈছে দুৰ্ঘটনাগ্ৰস্ত বিমানখন সম্পূৰ্ণৰূপে জ্বলি গৈছে আৰু পৰ্বতৰ শিখৰত প্ৰকাণ্ড অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে৷ অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱালৈ চাই কোনো যাত্ৰীৰে প্ৰাণ ৰক্ষা পৰা নাই বুলি ধাৰণা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ