মাথো কেইটামান ঘণ্টা বাকি, কাইলৈ দেশৰ কোটি কোটি কৃষকে লাভ কৰিব টকা
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ ১৮ জুনত কাইলৈ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ ১৭ সংখ্যক কিস্তি মুকলি কৰিবলৈ সাজু হৈছে। এই পদক্ষেপে সমগ্ৰ দেশৰ ৯.৩ কোটিৰো অধিক কৃষকক উপকৃত কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ বাবে মুঠ ব্যয় প্ৰায় ২০ হাজাৰ কোটি টকা। এই ঘোষণা কৰে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে।
এই আঁচনিৰ জৰিয়তে কৃষকসকলক প্ৰতি বছৰে ৬ হাজাৰ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। খেতিয়ক ভাতৃয়ে এই ধন খেতিৰ কামত ব্যৱহাৰ কৰে। কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ৯.২৬ কোটিৰো অধিক হিতাধিকাৰী কৃষকক কিস্তি হিচাপে মুকলি কৰিব ২০ হাজাৰ কোটি টকা। চাৰি মাহৰ মূৰে মূৰে কিস্তি মুকলি কৰা হয়। পি এম কিষাণ যোজনাৰ সুবিধা লাভ কৰিবলৈ কৃষকসকলে ই-কে ৱাই চি সম্পন্ন কৰাটো প্ৰয়োজনীয়।
প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনাৰ সুবিধা লাভ কৰিবলৈ কৃষকৰ ভূমিৰ ৰেকৰ্ড পঞ্জীয়ন, বেংক একাউণ্টৰ আধাৰ বীজ সিঁচা আৰু ই কে ৱাই চিৰ কাম পি এম কিষাণ পৰ্টেলত কৰাটো প্ৰয়োজনীয়। লগতে PM কিষাণ যোজনাৰ পঞ্জীয়নৰ অৱস্থা পৰীক্ষা কৰক। ভুল তথ্য তৎক্ষণাত শুদ্ধ কৰক।
কেনেকৈ কৰিব-
স্তৰ ১: প্ৰথমে কৃষকসকলে পিএম-কিছানৰ অফিচিয়েল পৰ্টেলত লগ ইন কৰিবলৈ pmkisan.gov.in লৈ যাব ।
২য় স্তৰ: তাৰ পিছত কিষাণ হোমপেজত ‘কিষাণ কৰ্ণাৰ’ শিতান চাওক।
৩য় স্তৰ: এতিয়া কৃষকে নতুন পৃষ্ঠাত থকা ‘Beneficiary Status’ বিকল্পত ক্লিক কৰক।
৪ৰ্থ স্তৰ: ইয়াৰ পিছত প্ৰাৰ্থীয়ে প্ৰয়োজনীয় তথ্য যেনে আধাৰ নম্বৰ, বেংক একাউণ্ট নম্বৰ আৰু মোবাইল নম্বৰ দিব লাগিব।
৫ম স্তৰ: তাৰ পিছত কৃষকে ‘Get Report’ ত ক্লিক কৰিব।
৬ নং স্তৰ: ইয়াৰ পিছত কৃষকৰ আবেদন আৰু ধন পৰিশোধৰ অৱস্থা আপোনাৰ দৃষ্টিগোচৰ হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ