দুগুণে বৃদ্ধি পাব গাহৰি মাংসৰ দাম, ১ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী
গাহৰীপ্ৰেমীৰ বাবে বেয়া খবৰ, মাঘ বিহুৰ পাছৰে পৰা বৃদ্ধি পাব গাহৰি মাংসৰ মূল্য। ভোগালী বিহুৰ পূৰ্বে ৰাজ্যবাসীলৈ দুখবৰ। ৰাজ্যত বৃদ্ধি পাব গাহৰি মাংসৰ দাম।
১ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাহৰি মাংসৰ দাম। এতিয়াৰে পৰা সুলভ নহ’ব গাহৰি মাংস।
জানিব পৰা মতে, ১কেজি গাহৰিৰ দাম হ’বগৈ ৮০০টকা। আধাকেজি গাহৰিৰ দাম হ’ব ৪০০টকা।
প্ৰতিটো গাহৰি কটাৰ বাবদ দিব লাগিব ১২০০টকা।
মহানগৰী গুৱাহাটীত গাহৰি মাংস খাবলৈ এতিয়াৰে পৰা ১০বাৰ চিন্তা কৰিব লাগিব।
১ফেব্ৰুৱাৰীৰ পৰা পাঞ্জাবাৰীৰ পশুধন চৌহদৰ PORK LOTAS HOUSEত কাটিব লাগিব গাহৰি। গুৱাহাটীত বিক্ৰী হোৱা মাংস কাটিব লাগিব এই নিৰ্দিষ্ট স্থানত।
পৌৰ নিগমৰে হোৱা বৈঠকত সিদ্ধান্ত সদৌ গুৱাহাটী পায়কাৰী আৰু খুচুৰা গাহৰি মাংস ব্যৱসায়ী সন্থাৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ