আজিকালি বহু বিনিয়োগৰ বিকল্প পোৱা যায়৷ কিন্তু ইয়াৰ মাজত পোষ্ট অফিচৰ স্কিমসমূহক সকলোতকৈ নিৰাপদ আৰু নিৰ্ভৰযোগ্য বুলি ধাৰণা কৰা হয়৷ এই স্কিমসমূহ চৰকাৰ কৰ্তৃক গেৰাণ্টিযুক্ত৷ এক চমৎকাৰ পোষ্ট অফিচ স্কিম হৈছে ৰেকাৰিং ডিপজিট স্কিম৷ য’ত আপুনি প্ৰতিমাহে নিয়মিতভাৱে অলপ পৰিমাণে জমা কৰি ডাঙৰ ফাণ্ড তৈয়াৰ কৰিব পাৰে৷ সকলোতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে এই স্কিমত বিনিয়োগ কৰিলে আপুনি মাত্ৰ পাঁচ বছৰৰ ভিতৰতেই লাখপতি হব পাৰে৷
পোষ্ট অফিচ ৰেকাৰিং ডিপোজিট স্কিম হৈছে এনে এক স্কিমত য’ত আপুনি প্ৰতিমাহে এক নিৰ্দিষ্ট পৰিমাণে বিনিয়োগ কৰিব আৰু ৫ বছৰ পাছত আপুনি নিৰ্দিষ্ট সুদৰ হাৰসহ বিশাল পৰিমাণে অৰ্থ পাব পাৰে৷ বৰ্তমান পোষ্ট অফিচৰ এই স্কিমত প্ৰায় ৬.৭ শতাংশ বাৰ্ষিক সুদৰ হাৰ দিছে যি প্ৰতিমাহে চক্ৰবৃদ্ধি মাহিলী সুদৰ আকাৰত যোগ কৰা হয়৷
যদি এজন ব্যক্তিয়ে প্ৰতিমাহে ২৫,০০০ টকা জমা কৰে তেতিয়া ৫ বছৰ অৰ্থাৎ ৬০ মাহত তেওঁ মুঠ ১৫ লাখ জমা কৰিব৷ যাৰ ওপৰত তেওঁ প্ৰায় ২.৮৪ লাখ সুদ পাব৷ অৰ্থাৎ ম্যাদপূৰ্তিত তেওঁ মুঠ ১৭,৮৪,১৪৮ টকা উভতাই পাব৷ এটা এটা সম্পূৰ্ণ নিৰাপদ আৰু চৰকাৰী গেৰেণ্টিযুক্ত বিনিয়োগ স্কিম, য’ত আপুনি বজাৰৰ ওঠানমাৰ কোনো আশংকা বহন কৰিব নালাগে৷
কোনে একাউণ্ট খুলিব পাৰে?
যিকোনো ভাৰতীয় নাগৰিকে পোষ্ট অফিচ RD স্কিমৰ অধীনত একাউণ্ট খুলিব পাৰে৷ আপুনি এই একাউণ্টটো একক একাউণ্ট, যৌথ একাউণ্ট, আনকি এজন অভিভাৱকৰ মাধ্যমেৰে নাবালকৰ নামতো খুলিব পাৰে৷ এই স্কিমৰ সকলোতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে প্ৰতিমাহে সৰ্বনিম্ন বিনিয়োগ মাত্ৰ ১০০ টকাৰ পৰা আৰম্ভ হব পাৰে৷ ইয়াৰ পাছতেই আপুনি আপোনাৰ প্ৰয়োজন অনুসৰি যিকোনো পৰিমাণে বিনিয়োগ কৰিব পাৰে৷ সৰ্বোচ্চ কোনো সীমা নাই৷
উল্লেখ্য যদি কোনো বিনিয়োগকাৰীৰ কোনো কাৰণত মৃত্যু হয় তেতিয়া তেওঁৰ মনোনীত ব্যক্তিয়ে RD-ৰ সম্পূৰ্ণ জমা আৰু সুদ পাব৷ ইয়াৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ পোষ্ট অফিচত জমা দিব লাগিব৷ উত্তৰাধিকাৰীয়ে বিচাৰিলে RD একাউণ্টটো চলাই যাব পাৰে৷
সুদৰ হাৰ ম্যাদ কিমান?
পোষ্ট অফিচ RD ম্যাদত ৫ বছৰ৷ সুদৰ হাৰ চৰকাৰে প্ৰতি তিনিমাহত নিৰ্ধাৰণ কৰে আৰু সুদৰ হাৰ চক্ৰবৃদ্ধি হয়, যাৰ অৰ্থ সুদৰ ওপৰত সুদ আৰ্জিত হয়৷ যিয়ে ৰিটাৰ্ণ বৃদ্ধি কৰে৷
উদাহৰণস্বৰূপে-
২৫০০০ মাহিলী বিনিয়োগ- ৫ বছৰৰ পাছত ১৭, ৮৪, ১৪৮ টকা৷
১০০০০ মাহিলী বিনিয়োগ- ৫ বছৰৰ পাছত ৩,৫৬,৮৩০ টকা৷
৫০০০ টকা মাহিলী বিনিয়োগ- ৫ বছৰৰ পাছত ৩,৫৬,৮৩০টকা৷
আপুনি যিমান বেছি বিনিয়োগ কৰিব, ফাণ্ড সিমানেই বৃদ্ধি পাব৷
একাউণ্ট খোলাৰ সময়ত কি কথা মনত ৰাখিব?
প্ৰতিমাহে নিৰ্ধাৰিত তাৰিখৰ পূৰ্বে পোষ্ট অফিচ RD একাউণ্টত ফাণ্ড জমা কৰাটো বাধ্যতামূলক৷ যদি কিস্তি বিলম্বিত হয় তেতিয়া প্ৰতি ১০০ টকাত ১ টকা জৰিমনা ধাৰ্য কৰা হয়৷ ইয়াৰোপৰি জৰুৰি পৰিস্থিতিত উত্তৰাধিকাৰী যাতে সহজেই ফাণ্ড পাব পাৰে আৰু তাৰবাবে নমিনি দিবলৈ নাপাহৰিব৷ যদি আপোনাৰ কোনো কাৰণত অৰ্থৰ প্ৰয়োজন হয়, তেতিয়া আপুনি এবছৰ পাছত আৰ ডিৰ বিপৰীতে ঋণো ল’ব পাৰে৷ তিনি বছৰৰ পাছত ইয়াক বন্ধও কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















