আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে পুষ্পা খ্যাত জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনক
গ্ৰেপ্তাৰ হ’ল পুষ্পা খ্যাত দক্ষিৰ অতিকে জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুন। হায়দৰাবাদ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দক্ষিণৰ জনপ্ৰিয় অভিনেতাগৰাকীক।
৪ ডিচেম্বৰত হায়দৰাবাদত আল্লু অৰ্জুনৰ ছবি ‘পুষ্পা ২’ৰ প্ৰিমিয়াৰৰ সময়ত সংঘটিত হোৱা হুলস্থুলৰ সৈতে জড়িত ঘটনাৰ বাবে দক্ষিণৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
এই হুলস্থুলত এগৰাকী ৩৯ বছৰীয়া মহিলাৰ মৃত্যু হোৱাৰ লগতে পুত্ৰৰ অৱস্থা সংকটজনক হৈছিল। আৰক্ষীয়ে সন্ধ্যা থিয়েটাৰ পৰিচালনা, অভিনেতাগৰাকী আৰু তেওঁৰ নিৰাপত্তাৰক্ষীৰ দলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
বিষয়াসকলে কৈছিল যে ছবিখনৰ দলটো প্ৰিমিয়াৰৰ বাবে আহিব বুলি আৰক্ষীৰ কোনো পূৰ্ব তথ্য নাই। যাৰ বাবে নিয়ন্ত্ৰণৰ বাহিৰ হৈছিল অনুৰাগী।
সেই অনুৰাগীৰ ভিৰৰ বাবেই পদপিষ্ট হৈ অকাল মৃত্যুক আঁকোৱালি লৈছিল মহিলাগৰাকীয়ে। সেই ঘটনাতেই শুকুৰবাৰে চিক্কাডপল্লী আৰক্ষী থানাৰ এটা দলে অভিনেতা আল্লুক আটক কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ