চিচি টিভিত নাই একো বিশেষ, সহায়িকাৰ ওপৰত সন্দেহ, ছেইফৰ আক্ৰমণৰ কেইটামান গুৰুত্বপূৰ্ণ তথ্য সদৰি
বলীউডৰ অভিনেতা ছেইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই ছুৰীৰে আক্ৰমণ কৰে, য’ত অভিনেতাগৰাকী গুৰুতৰভাৱে আহত হয়। বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩.৩০ মান বজাত ছেইফক মুম্বাইৰ লীলাৱতী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই সন্দৰ্ভত তদন্তৰ বাবে আৰক্ষী আৰু ফৰেনছিক দল ছাইফৰ ঘৰত উপস্থিত হৈছে।
এতিয়ালৈকে পাঁচটা ডাঙৰ আপডেট প্ৰকাশ পাইছে-
১/ সূত্ৰ অনুসৰি চিচিটিভি ফুটেজৰ তদন্তৰ সময়ত আৰক্ষীয়ে দুজন সন্দেহযুক্ত লোকক উদ্ধাৰ কৰে। কোৱা হৈছে যে ইয়াৰে এজন আক্ৰমণকাৰী হ’ব পাৰে। এতিয়াও অব্যাহত আছে চিচিটিভিৰ তদন্ত। বৰ্তমান আৰক্ষীয়ে ঘটনাস্থলীৰ আশে-পাশে থকা অট্টালিকা আৰু অন্যান্য ফ্লেটত কাম কৰা কৰ্মচাৰীৰ তথ্য সংগ্ৰহ কৰি আছে।
২/ লীলাৱতী হাস্পতালত ছেইফ আলী খানৰ অস্ত্ৰোপচাৰ সম্পূৰ্ণ হৈছে। ডাক্তৰৰ অনুমতিৰ পিছত আৰক্ষীয়ে ল’ব ছেইফৰ বক্তব্য। এই আক্ৰমণৰ পিছত ছেইফৰ জ্যেষ্ঠ পুত্ৰ আব্ৰাহাম, নিৰাপত্তাৰক্ষী আৰু তেওঁৰ ড্ৰাইভাৰে তেওঁক চিকিৎসালয়লৈ লৈ যায়। ইয়াৰ পিছত অভিনেত্ৰী পত্নী কৰীণা কাপুৰ আৰু কৰিশ্মা কাপুৰো একেলগে চিকিৎসালয়ত উপস্থিত হয়।
৩/ এই গোচৰত সহায়িকাৰ ভূমিকাক লৈও আৰক্ষীৰ সন্দেহ আছে। প্ৰাৰম্ভিক তদন্তত আৰক্ষীয়ে সন্দেহ কৰিছে যে সহায়িকাই হয়তো আক্ৰমণকাৰীক ভিতৰলৈ আহিবলৈ দিছিল। প্ৰথমে আক্ৰমণকাৰীয়ে সাহয়িকাগৰাকীক আক্ৰমণ কৰাৰ পিছত দুয়োৰে মাজত কাজিয়া আৰম্ভ হৈছিল। আনহাতে যোৱা দুই-তিনিদিন ধৰি ছেইফৰ ঘৰত চলি আছে ফ্ল’ৰ পলিচিঙৰ কাম। আৰক্ষীয়ে এই শ্ৰমিকসকলকো জেৰা অব্যাহত ৰাখিছে। আৰক্ষীয়ে যেতিয়া ছৈফ আলী খানৰ ঘৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰে তেতিয়া তাত কোনো লোক অহা-যোৱা কৰা দেখা নাযায়।
৪/ ছেইফ আলী খানৰ ওপৰত আক্ৰমণৰ গোচৰত আৰক্ষীয়ে তেওঁৰ ঘৰত কৰ্মৰত তিনিজন লোকক আটক কৰিছে। তেওঁক থানালৈ লৈ যোৱা হৈছে, য’ত তেওঁক জেৰা অব্যাহত ৰখা হৈছে। এই আক্ৰমণৰ তদন্তৰ বাবে ক্ৰাইম ব্ৰাঞ্চে ৭টা দল গঠন কৰিছে। ইয়াৰে এটা দলে চিচিটিভিৰ ফুটেজ স্কেন কৰি আছে। ফৰেনছিক দলটোৱে ছৈফৰ ঘৰৰ পৰাও বহু আঙুলিৰ ছাপ উদ্ধাৰ কৰি তদন্তৰ বাবে প্ৰেৰণ কৰিছে।
৫/ এআইচিডব্লিউএৰ সভাপতি সুৰেশ শ্যামলাল গুপ্তাই কয় যে, বলীউডৰ অভিনেতা ছাইফ আলী খানৰ ওপৰত হোৱা চাঞ্চল্যকৰ আক্ৰমণৰ পিছত তেওঁৰ বাসগৃহত ডকাইতিৰ চেষ্টাই উদ্যোগটোত ভয়ৰ পৰিৱেশৰ সৃষ্টি কৰিছে। এইটো কেৱল ডকাইতি আছিল নে বলীউডত ভয়ৰ সৃষ্টি কৰিবলৈ কৰা হৈছিল, যাৰ ফলত বৃহৎ পৰিসৰৰ ধন দাবীৰ পথ মুকলি হ’ব পাৰে, সেই সন্দৰ্ভতো তদন্ত আৰম্ভ হৈছে।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ