শুকুৰবাৰে দণিক্ষ মুম্বাইস্থিত মুম্বাই আৰক্ষী আয়ুক্তৰ কাৰ্যালয় উপস্থিত হয় বলিউদৰ অভিনেতা চলমান খান৷
শুকুৰবাৰে বিয়লি প্ৰায় ৪ বজাত অভিনেতাগৰাকীয়ে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হয় বুলি কাৰ্যালয়ৰ বিষয়াসকলে সদৰী কৰিছে৷
বিষয়াসকলে প্ৰকাশ কৰা মতে চলমান খানে কোনো ধৰণৰ গোচৰ সম্পৰ্কীয় কাৰণত মুম্বাই আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত উপস্থিত হোৱা নাছিল৷
লগতে পঢ়ক বৃদ্ধি পাইছে এক অদ্ভুত আসক্তি! নিচাৰ বাবে কণ্ডম ব্যৱহাৰ যুৱ প্ৰজন্মৰ!
তেওঁলোকে সদৰী কৰা মতে আৰক্ষী আয়ুক্ত বিবেক ফানছালকাৰক সাক্ষাৎ কৰাৰ বাবেই অভিনেতাগৰাকীয়ে আৰক্ষীৰ মুখ্য কাৰ্যালয়টোত উপস্থিত হৈছিল৷
অভিনেতাজনে নিজৰ গাড়ীৰে ক্ৰ’ফৰ্ড মাৰ্কেটৰ বিপৰীতে অৱস্থিত মুম্বাই আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ আৰক্ষী আয়ুক্তগৰাকীক সৌজন্যমূলক সাক্ষাৎ কৰে৷
লগতে পঢ়ক মন্দিৰৰ সমীপতে ট্ৰেন্স মহিলাক দলৱদ্ধ ধৰ্ষণ, ৮ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ
উক্ত সময়ছোৱাত অভিনেতা চলমান খানে যুটীয়া আৰক্ষী আয়ুক্ত (আইন আৰু শৃংখলা) বিশ্ব নাংগ্ৰে পাটিলকো সাক্ষাৎ কৰে।
উল্লেখ্য যে যোৱা মাহত ছলমান খান আৰু তেওঁৰ পিতৃ চেলিম খানক এক পত্ৰৰ দ্বাৰা হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছিল৷ উক্ত ভাবুকি ভৰা পত্ৰ লাভ কৰাৰ পাছৰে পৰা চলমান খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ