ডিজিটেল ডেস্কঃ শনিৰ কৃপাত জীৱনত এগৰাকী লোক বহু ওপৰলৈ উঠিব পাৰে আৰু কেতিয়াবা একেবাৰে তললৈ নামিবও পাৰে। হিন্দু ধৰ্মত শনিক সন্তুষ্ট কৰি ৰখাটো খুবেই প্ৰয়োজন। আপোনাৰ দৈনন্দিন কিছু কাম-কাজতো শনিদেৱতা অসন্তুষ্ট হয়। জ্যোতিষ শাস্ত্ৰ মতে, শনিদেৱতা কাৰো ওপৰতে সহজতে সন্তুষ্ট নহয় যদিও আপুনি বিশেষ কিছুমান কাম কৰিলে তেওঁ আপোনাৰ ওপৰত অসন্তুষ্টও নহয়। সেই কামবোৰ কি কি! জানো আহকচোন…
- আপুনি প্ৰতি শনিবাৰে ক’লা কুকুৰক ৰুটী বা বিস্কুট খোৱালে আপোনাৰ শনি দোষ খণ্ডন হয়। এনে কাম কৰিলে শনি প্ৰসন্ন হৈ আপোনাক সম্পদ লাভৰ বাট মুকলি কৰে।
- যদিহে শনিবাৰে আপুনি শিৱৰ উপাসনা কৰে তেতিয়া শনি দেৱতা সন্তুষ্ট হয়। এই দিনটোত গা ধুই শিৱ দেৱতাক ধ্যান কৰাৰ পাছত শিৱ লিংগত কলা তিল আৰু বেল পাত আগবঢ়াব লাগে।
- আপোনাৰ ঘৰত যদিহে সঘনাই বিবাদ হয় তেন্তে এই কথাটো একেবাৰে মনত ৰাখক। শনিবাৰে নিশা ঘৰৰ উত্তৰ-পূব কোণত ধূনা জ্বলাব। এই প্ৰতিকাৰৰ দ্বাৰা ঘৰত থকা নেতিবাচক শক্তিবোৰ আঁতৰ হোৱাৰ লগতে পৰিয়ালৰ সদস্যসকলৰ মাজত মৰম বৃদ্ধি হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















