ছেট জ্বলি নিহত হৈছিল ৬২ গৰাকী লোক, মুখ্য অভিনেতাও হৈছিল সম্পূৰ্ণ অগ্নিদ্বগ্ধ
ভাৰতীয় চিনেমা-চিৰিয়েলৰ বহু কোটি টকীয়া সুন্দৰ সুন্দৰ ছেট আপুনি দেখিছে । পাছে জানেনে ভাৰতীয় টেলিভিচন জগতৰ এখন অতিকে জনপ্ৰিয় ধাৰাবাহিকৰ এটা ছেট সম্পূৰ্ণ জ্বলি গৈছিল । যি দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল ৬২ গৰাকীকৈ লোকে। তাৰোপৰি সেই ধাৰাবাহিকৰ মুখ্য অভিনেতা বেয়াকৈ অগ্নিদ্বদ্ধ হৈছিল সেই দুৰ্ঘটনাত।
যাৰ ফলত সুস্থ হোৱাৰ বাবে ৭২ টা কৈ অস্ত্ৰোপচাৰ কৰিব লগা হৈছিল অভিনেতাৰ। সেই ধাৰাবাহিকখন আছিল টিপু চুলতান। ধাৰাবাহিকখনৰ নায়ক আছিল সঞ্জয় খান। ধাৰাবহিকখনৰ শ্বুটিঙত বেয়াকৈ জ্বলি গৈছিল অভিনেতা সঞ্জয়। পাছত ৭২ টাকৈ অপাৰেচন কৰি সুস্থ হৈ হে পুনৰ ১৩ মাহৰ পাছত আৰম্ভ কৰিছিল ধাৰাবাহিকখনৰ বাকি থকা কাম।
এক সাক্ষাতকাৰত হোৱা বাৰ্তালাপত এই ঘটনা স্মৰণ কৰি সেই ধাৰাবাহিকৰে অন্য এগৰাকী অভিনেতা অনন্ত মহাদেৱনে কয় যে এয়া এক অতি বেদনাদায়ক দুৰ্ঘটনা। এই দুৰ্ঘটনাই সকলোকে ভয় খুৱাইছিল। অনন্তই কয় যে আজিও দ্য তৰোৱাল অৱ টিপু চুলতানৰ চেটত যি হৈছিল সেই কথা ভাবিলেই গাৰ নোম শিয়ৰি উঠে।
১৯৮৯ চনৰ ৮ ফেব্ৰুৱাৰীত মহীশূৰৰ প্ৰিমিয়াৰ ষ্টুডিঅ’ত দ্য ছ’ৰ্ড অৱ টিপু চুলতানৰ শ্বুটিঙৰ সময়ত এক বৃহৎ অগ্নিকাণ্ড সংঘটিত হৈছিল।
টিপু চুলতানৰ শ্ব’ত পণ্ডিত পূৰ্ণৈয়াৰ চৰিত্ৰত অভিনয় কৰা অনন্ত মহাদেৱানে সেই ঘটনাৰ বিষয়ে স্মৰণ কৰি কয়- ঘটনা ইমানেই ভয়ংকৰ আছিল যে, আজিয়ো সেই কথা মনত কৰিলে সকলো কলা-কুশলীৰে বুকু কঁপি উঠে।
ঘটনাৰ দিনা দীপাৱলীৰ ছেট তৈয়াৰ কৰা হৈছিল । সকলো ব্যস্ত আছিল কামত। তেনেতে হঠাতে জ্বলি উঠে ছেট। যাৰ ফলত চাৰিওফালে হৈ চৈ লাগি যায়। দৌৰা দৌৰিত আহত হৈ বাগৰি পৰে বহু মানুহ।যাৰ ফলতে জ্বলি থকা ছেটে হেঁচা মাৰি ধৰে।
ঘটনাৰ বিষয়ে জানিব পাৰি মুখ্য অভিনেতা সঞ্জয়ো দৌৰি আহে ছেটলৈ। অন্য় লোকক উদ্ধাৰৰ বাবে আগবাঢ়ি যাওতে মূৰত জ্বলি থকা ছেট পৰি সেই স্থানতে অজ্ঞান হৈ পৰে সঞ্জয়। যাৰ বাবেই মূৰৰ পৰা ভৰিলৈকে জুইয়ে আগুৰি ধৰে অভিনেতাগৰাকীক। পাছত হাস্পতালতহে সংজ্ঞা ঘুৰাই পাই সঞ্জয়ে ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ