টাইৱানক আক্ৰমণৰ বাবে সাজু হৈছে নেকি চীন! এই প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় যুদ্ধ বিশেষজ্ঞ আৰু কূটনৈতিক মহলৰ মাজত চৰ্চা লাভ কৰিছে৷ বিশেষকৈ পুনৰবাৰ চীনে টাইৱানলৈ ২৯ খন যুঁজাৰু বিমান প্ৰেৰণ কৰাৰ পিছতে এই আশংকা প্ৰকাশ কৰা হৈছে।
প্ৰকাশিত খবৰ অনুসৰি চীনে টাইৱানৰ অঞ্চলটোক বায়ু প্ৰতিৰক্ষা চিনাক্তকৰণ অঞ্চল হিচাপে ঘোষণা কৰি টাইৱানৰ আকাশমাৰ্গলৈ ২৯ খন যুঁজাৰু বিমান প্ৰেৰণ কৰিছে। টাইৱানৰ আকাশমাৰ্গত চীনৰ যুদ্ধ বিমান আৰু এণ্টি ছাবমেৰিন বিমানো উৰি থকা দেখা গৈছে।
লগতে পঢ়ক আগুৱাই গৈয়ো ক’ত ৰৈ গ’ল নতুন অসমীয়া ছবি ‘এমুঠি পুঠি‘?
এয়া তৃতীয়বাৰৰ বাবে চীনে টাইৱানলৈ বৃহৎ সংখ্যক যুঁজাৰু বিমান প্ৰেৰণ কৰিছে। চীনৰ এই কাৰ্যই সমগ্ৰ ইন্দো-পেচিফিক অঞ্চলৰ বাবে বেয়া খবৰ বুলিয়ে ধাৰণা কৰা হৈছে।
ইফালে টাইৱানে নিজৰ জেট বিমানেৰে চীনৰ যুদ্ধ বিমানসমূহ বহিষ্কাৰ কৰা বুলি দাবী কৰিছে। আনহাতে, চীনে টাইৱানক আক্ৰমণ কৰিব পাৰে বুলি আমেৰিকাই বহুবাৰ আশংকা প্ৰকাশ কৰি আহিছে। আমেৰিকাইও মুকলিকৈ ঘোষণা কৰিছে যে যদি এনে হয় তেন্তে টাইৱানক সহায় কৰিবলৈ মাৰ্কিন সেনা প্ৰেৰণ কৰিব।
লগতে পঢ়ক স্তম্ভিত জীৱ বিজ্ঞানী সমাজ! বেজীৰ দৰে দাঁত পচি যোৱাৰ ছালৰ ৰহস্যময়ী জীৱ সাগৰৰ পাৰত উদ্ধাৰ
চীনৰ এজন মানৱ অধিকাৰ কৰ্মীয়ে দাবী কৰিছে যে চীনৰ গোপন পৰিকল্পনা এটা অডিঅ’ ক্লিপত বন্দী হৈ আছে। তেওঁ ৫৭ মিনিটৰ এটা অডিঅ’ ক্লিপ মুকলি কৰি দাবী কৰে যে চীনৰ শীৰ্ষ সামৰিক বিষয়াসকলে টাইৱানৰ ওপৰত আক্ৰমণৰ কৰাৰ কথা কৈছে। এই অডিঅ’টো ফাদিল হোৱাৰ পিছত চীনে এই কথা স্পষ্টভাৱে অস্বীকাৰ কৰিছে।
এই অডিঅ’ অনুসৰি চীনা সেনাই পাৰ্ল ৰিভাৰ ডেল্টাৰ ওচৰত এটা ছি ডিফেন্স ব্ৰিগেড নিৰ্মাণ কৰিব বিচাৰিছিল। এই অঞ্চলটোক চেনি উদ্যোগৰ কেন্দ্ৰ হিচাপে গণ্য কৰা হয়। এই নদী বদ্বীপত চীনৰ বহুতো গুৰুত্বপূৰ্ণ চহৰ আছে। এই অডিঅ’টোত কোৱা হৈছিল যে টাইৱান জলদ্বীপ আৰু দক্ষিণ চীন সাগৰৰ মাজত সহযোগিতা সৃষ্টিৰ ওপৰত গুৰুত্ব দিয়া হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ