কিং খান পৰৱৰ্তী এভেঞ্জাৰ ! এন্থনী মেকিয়ে ক’লে বিশেষ কথা
মাৰ্ভেল ষ্টুডিঅ’ৰ আগন্তুক ছবি ‘কেপ্তেইন আমেৰিকা: ব্ৰেভ নিউ ৱৰ্ল্ড’ মুক্তিৰ বাবে সাজু হৈছে। কাইলৈ ১৪ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাব মাৰ্ভেল ছবি খনে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে এন্থনী মেকিয়ে।
ছবিখনত কেপ্তেইন আমেৰিকাৰ বিৰুদ্ধে খেলিব এ ৰেড হাল্কে। পাছে এই ছবিখনমৰ প্ৰিমিয়াৰৰ সময়তে বলীউড তাৰকা এন্থনীয়ে কয় এক বিশেষ কথা। ভাৰতয়ী তাৰকা বলীউড কিং শ্বাহৰুখৰ বিষয়ে উল্লেখ কৰে এন্থনী মেকিয়ে।
শেহতীয়াকৈ ছবিখনৰ বিষয়ে আলোচনা কৰি থাকোঁতে এন্থনীয়ে শ্বাহৰুখ খানক প্ৰশংসা কৰে। আচলতে এন্থনীক সোধা হৈছিল যে তেওঁ বলীউডৰ কাক এভেঞ্জাৰছত অন্তৰ্ভুক্ত কৰিব বিচাৰে? ইয়াৰ ওপৰত হলিউডৰ অভিনেতাজনে শ্বাহৰুখ খানৰ নাম লয়।
এন্থনী মেকিয়ে শ্বাহৰুখ খানক এভেঞ্জাৰছ হিচাপে চোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী কেভিন জিংখাইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ এই কথা কয় এন্থনীয়ে। এন্থনীয়ে কয়, ‘মই ভাবো শ্বাহৰুখ খান শ্ৰেষ্ঠ!’ ‘শ্বাহৰুখ খান ইজ ডেম বেষ্ট’।
ইয়াৰ পূৰ্বেও বহু হলিউডৰ প্ৰযোজকে শ্বাহৰুখ খানক অভিনয় কৰোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে। শ্বাহৰুখ খানৰ জনপ্ৰিয়তা ‘ডেডপুল ২’তো দেখা গৈছিল। পৰিচালক ডেভিদ লেইচে ‘ডেডপুল ২’ৰ হিন্দী সংস্কৰণটোক সম্পূৰ্ণ ভাৰতীয় শৈলী দিবলৈ চেষ্টা কৰিছিল। হিন্দী দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিবলৈ শ্বাহৰুখ খানৰ ছবিৰ এটা গীতো ছবিখনত অন্তৰ্ভুক্ত কৰা হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















