অসম লাইভ ২৪ঃ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ নিৰাপত্তাৰক্ষীৰ মাহিলী উপাৰ্জন কিমান জানেনে? নিৰাপত্তাৰক্ষী ৰবি সিঙৰ উপাৰ্জনৰ কথা শুনিলে চকু কপালত উঠিব আপোনাৰ৷ বিভিন্ন কোম্পানীৰ CEOৰ বাৰ্ষিক উপাৰ্জনকৈও অধিক উপাৰ্জন কৰে শ্বাহৰুখ খানৰ নিৰাপত্তাৰক্ষীয়ে৷ সম্প্ৰতি আৰিয়ান খানৰ সমান্তৰালকৈ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে শ্বাহৰুখ খানৰ ব’ডীগাৰ্ড ৰবি সিং৷ বিগত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে সংবাদ শিৰোনাম দখল কৰি আহিছে শ্বাহৰুখ খান আৰু তেওঁৰ পৰিয়ালে৷ আৰু শ্বাহৰুখ খানৰ পৰিয়ালৰ নিৰাপত্তাৰ কথা আহিলেই প্ৰথমে আহে ৰবি সিঙৰ নাম৷ ক্ৰুজ ড্ৰাগছ কেছত আৰিয়ান খান গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰাই চৰ্চালৈ আহিছে ৰবি সিঙৰ নাম৷ যোৱা ১০ বছৰ ধৰি শ্বাহৰুখ খানৰ নিৰাপত্তাৰ দায়িত্বত আছে ৰবি সিং৷ ‘বলীউড লাইফ’ৰ ৰিপ’ৰ্ট অনুসৰি ৰবি সিঙৰ বাৰ্ষিক উপাৰ্জন ২.৭ কোটি৷ সেই হিচাপেৰে মাহিলি দৰমহা ২২,৫০,০০০ টকা৷ আৰু এই টকাৰে আপোনাৰ মোৰ দৰে দৰে সাধাৰণ নাগৰিকে মাহেকীয়া হিচাপত কি কি কিনিব পাৰিম তাৰে এটা সম্যক ধাৰণা উদাহৰণ হিচাপে তলত দাঙি ধৰিলো-
প্ৰায় ১,০৭,১৪২.৮৬ কেজি ধান (কেজি ২১ টকা)
প্ৰায় ১১,২৫০ লিটাৰ মিঠাতেল (লিটাৰ ২০০ টকা)
প্ৰায় ৩৭,৫০০ কেজি পিয়াঁজ (কেজি ৬০ টকা)
মূল্যবৃদ্ধিয়ে কোঙা কৰা দেশবাসীৰ মাজত মাহিলী লাভ কৰা এই বৃহৎ পৰিমানে সচাঁকৈয়ে আচৰিত কৰি তুলিব পাৰে আপোনাক বা মোক৷
উল্লেখ্য, শ্বাহৰুখ খানৰ ব্যক্তিগত নিৰাপত্তাৰ উপৰি আৰিয়ান খান, সুহানা খান আৰু আবৰাম খানৰ নিৰাপত্তাৰ দায়িত্বত আছে ৰবি সিং৷ ২০১৪ চনত সংবাদ শিৰোনাম দখল কৰিছিল ৰবি সিঙে৷ যেতিয়া শ্বাহৰুখ খানক দেখা কৰিবলৈ অহা এদল লোকৰ মাজৰ পৰা নিৰাপত্তাৰ খাটিৰত এগৰাকী যুৱতীক গতিয়াই দিয়াৰ অভিযোগ উত্থাপন হৈছিল ৰবি সিঙৰ বিৰুদ্ধে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















