বলিউদৰ মোহময়ী অভিনেত্ৰী সোণাক্ষী সিনহাৰ বিৰুদ্ধে ৩৭ লাখ টকাৰ প্ৰতাৰণাৰ গোচৰত আদালতে গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰাৰ বাতৰিয়ে সংবাদ শিৰোনাম দখল কৰিছিল৷
যোৱা দেওবাৰে এই বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে অভিনেত্ৰীগৰাকীয়ে মুখ খুলিছে৷ মংগলবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেত্ৰী সোণাক্ষী সিনহাই কয় যে তেওঁক বদনাম কৰিবলৈ কোনো অসৎ লোকে এই ভুৱা বাতৰি প্ৰচাৰ কৰিছে৷
অভিনেত্ৰীগৰাকীয়ে লগতে এই ভুৱা বাতৰিটোত গুৰুত্ব নিদিবলৈও আহ্বান জনাইছে৷ ‘‘সংবাদ মাধ্যমত উৰা বাতৰি ওলাইছে যে মোৰ বিৰুদ্ধে জামিন অযোগ্য ধাৰাত গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা হৈছে৷ এই বাতৰিটোৰ কোনো সত্যতা নাই৷ এইটো এটা মনে গঢ়া কাহিনী৷ কিছুমান অসৎ লোকে মোক বদনাম কৰিবলৈ এনে কৰিছে৷’’ সোণাক্ষী সিনহাই কয়৷
লগতে কয় গ্ৰেপ্তাৰ হ’ব অভিনেত্ৰী সোণাক্ষী সিনহা! সোণাক্ষীৰ বিৰুদ্ধে জামিনবিহীন গ্ৰেপ্তাৰী পাৰোৱানা জাৰি
আদালতত বিচাৰাধীন গোৰটোৰ সন্দৰ্ভত বিভিন্ন ধৰণৰ মন্তব্য নকৰিবলৈও সকলো পক্ষকে আহ্বান জনাইছে অভিনেত্ৰী সোণাক্ষী সিনহাই৷
উল্লেখ্য যে দিল্লীৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সোণাক্ষী সিনহাই ৩৭ লাখ টকা অগ্ৰিম ধন লৈ অনুষ্ঠানত উপস্থিত নথকাৰ গুৰুতৰ অভিযোগ উত্থপান হৈছিল৷
আয়োজক প্ৰমোদ শৰ্মা নামৰ লোকজনে সোণাক্ষী সিহনাৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি এক প্ৰৱঞ্চনাৰ গোচৰ ৰুজু কৰিছিল৷
লগতে কয় যুদ্ধৰ বিৰোধিতাৰে উত্তাল ৰাছিয়া : ১৩ হাজাৰ যুদ্ধ বিৰোধী ৰাছিয়ানক পোতাশাললৈ নিক্ষেপ পুটিনৰ
উক্ত প্ৰৱঞ্চনাৰ গোচৰটো এতিয়াও বিচাৰাধীন হৈ আছে৷ যোৱা দেওবাৰে এই গোচৰটোৰ সংক্ৰান্ততে বলিউদৰ অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে জামিন অযোগ্য গ্ৰেপ্তাৰী পাৰোৱানা জাৰি কৰা বুলি বাতৰি প্ৰচাৰ হৈছিল৷ ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মংগলবাৰে সোণাক্ষী সিনহাই এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ