• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডেষ্টিনেছন ৱেডিঙত কিমান ধন খৰচ কৰিছিল ভায়েক বিশালে? ভায়েকৰ দৰেই গ্ৰেপ্তাৰ হোৱাটো খাটাং নেকি কৰিঅ’গ্ৰাফাৰ চুমীৰ?

ডেষ্টিনেছন ৱেডিঙত কিমান ধন খৰচ কৰিছিল ভায়েক বিশালে? ভায়েকৰ দৰেই গ্ৰেপ্তাৰ হোৱাটো খাটাং নেকি কৰিঅ’গ্ৰাফাৰ চুমীৰ?

2 years ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

2 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

3 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

3 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

3 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

4 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

4 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

5 hours ago
নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

নিজতকৈ ১৬ বছৰেই ডাঙৰ যুৱতীক হ*ত্যা যুৱকৰ

6 hours ago
গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

গণেশ চতুৰ্থীৰ দিনাই কিয় জোনটোক এনেকুৱা দেখা গৈছে?

6 hours ago
বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

বিগত ৬ বছৰত অসম আৰক্ষীৰ জিম্মাত কিমান অভিযুক্তৰ মৃ*ত্যু হৈছে?

7 hours ago
‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

‘গৰিমা বৌৱে ছিংগাপুৰলৈ গৈ জুবিন দাৰ আত্মা ঘূৰাই আনক’

8 hours ago
কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

কেৱল হেয়াৰ ষ্টাইলতেই ভাৰতীয় মুদ্ৰাত ব্যায় কোটি কোটি টকা

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ডেষ্টিনেছন ৱেডিঙত কিমান ধন খৰচ কৰিছিল ভায়েক বিশালে? ভায়েকৰ দৰেই গ্ৰেপ্তাৰ হোৱাটো খাটাং নেকি কৰিঅ’গ্ৰাফাৰ চুমীৰ?

ডেষ্টিনেছন ৱেডিঙত কিমান ধন খৰচ কৰিছিল ভায়েক বিশালে? ভায়েকৰ দৰেই গ্ৰেপ্তাৰ হোৱাটো খাটাং নেকি কৰিঅ’গ্ৰাফাৰ চুমীৰ?

editor by editor
September 3, 2024
in অপৰাধ, অসম, জীৱনশৈলী
0
ডেষ্টিনেছন ৱেডিঙত কিমান ধন খৰচ কৰিছিল ভায়েক বিশালে? ভায়েকৰ দৰেই গ্ৰেপ্তাৰ হোৱাটো খাটাং নেকি কৰিঅ’গ্ৰাফাৰ চুমীৰ?
0
SHARES
386
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাহিনীৰ দৰে কথাবোৰ৷ আৰম্ভণি ডেষ্টিনেছন ৱেডিঙৰ পৰাই হৈছিল৷ বিয়া নহয় ৱেডিং, কাৰণ তাত দেখা গৈছিল সম্পূৰ্ণ ৱেষ্টাৰ্ণ কালচাৰ৷ ৱাইন সলাই আৰম্ভ হৈছিল প্ৰাক বিবাহৰ পৰা বিবাহৰ অনুষ্ঠান৷ চলিছিল মেহেন্দি, হালধিকে ধৰি কেইবাটাও অনুষ্ঠান৷ হতবাক অসমীয়া, হতবাক কেইদিনমান আগলৈকে চিনেমাত নৃত্য শিকাবলৈ মতা পৰিচালকো৷ ক’ত কেনেকৈ চুমিৰ হাতত পৰিল আলাদ্দিনৰ চাকি? ঠিকেই ভাৱিছে, কাহিনী আপোনাৰ মোৰ চিনাকি কৰিঅ’গ্ৰাফাৰ চুমি বৰাৰেই৷ আমাৰ সপোন বুলি কোৱা সেই ডেষ্টিনেছন ৱেডিং মনত আছেনে? সেই চুমিকেই বিচাৰি ফুৰিছে আৰক্ষীয়ে৷ পাতি লোৱা ভায়েকক ধৰি এইবাৰ আৰক্ষীয়ে বিচাৰিছে বায়েকক৷

পাতি লোৱা ভায়েক বিশাল ফুকনক গ্ৰেপ্তাৰ কৰাৰ পিছতে অন্তৰ্ধান অভিনেত্ৰী-কৰিঅ’গ্ৰাফাৰ চুমি বৰা। ম’বাইল অফ কৰি আত্মগোপন কৰিছে চুমি বৰাই। প্ৰৱঞ্চনাৰে কোটি কোটি টকাৰ মালিক হোৱা বিশাল ফুকনৰ সৈতে চুমি বৰাৰ নাম সাঙোৰ খোৱাৰ পিছতে এতিয়া বহু প্ৰশ্নৰ উদয় হৈছে ৰাইজৰ মনত।

চুমি বৰাৰ বিয়া আকৌ চৰ্চালৈ আহিছে৷ কেনেকৈ চুমি বৰাই উদয়পুৰত ৰাজকীয় ডেষ্টিনেচন ৱেডিং পাতিছিল তাৰ কিছু আঁত বিচাৰিছে পাইছে বহুতেই। অভিযোগ অনুসৰি, চুমী বৰাৰ বিয়াত পানীৰ দৰে ধন খৰচ কৰিছিল বিশালে।

বিয়াত বিমানৰ ভাড়াৰ নামতে খৰচ কৰিছিল ৬৭ লাখ টকা৷ গুৱাহাটীৰ পৰা বিমানেৰে দিল্লী হৈ জয়পুৰলৈ উৰা মাৰিছিল চুমিৰ আত্মীয়৷ বিয়াৰ বাবে মানুহ কঢ়িয়াইছিল বিমানেৰে৷ বহুলোকে চুমিৰ জহতেই প্ৰথম বিমানতো উঠিছিল৷ উদয়পুৰ পেলেচত অনুষ্ঠিত হৈছিল চুমী বৰাৰ ৰাজকীয় বিবাহৰ অনুষ্ঠান। বলীউডৰ নামী-দামী তাৰকাই সততে বিয়াৰ আয়োজন কৰা এই স্থানতে হৈছিল চুমি বৰাৰ বিয়াৰ অনুষ্ঠান।

উদয়পুৰ পেলেচত বিয়া পাতিবলৈকে লাগে প্ৰায় ডেৰ কোটি টকা চুমি সঁচায়ে ধনী মানুহ৷ সেই পেলেচত ধন খৰচ কৰাতেই সীমাবদ্ধ নহয়৷ চুমি বৰাৰ বিয়ালৈ যোৱা প্ৰতিজন লোকক বিমানবন্দৰৰ পৰা অনা-নিয়াৰ লগতে ৰাজস্থানৰ বিভিন্ন স্থান ভ্ৰমণো কৰাইছিল৷ বিয়াৰ সমস্ত দায়িত্ব দিয়া হৈছিল এটা এজেন্সিক৷ বহুতেই বিয়াখন দেখি সমালোচনা কৰিলেও একাংশই কৈছিল

টকা আছে বাবে পাতিছে সমালোচনা কিয়? ৰহস্যৰ গোন্ধ পালেও উহ বিচৰা নাছিল কোনোৱে৷ বিয়াই শেষ কথা নহয়, অলংকাৰো কোটি টকাৰ লৈছিল চুমিয়ে৷ বিয়াৰ বাবে চুমি বৰাই ক্ৰয় কৰিছিল ডেৰ কোটি টকাৰ হীৰাৰ গহণা। গুৱাহাটীৰ জুৱেলাৰীৰ পৰাই চুমিয়ে বিয়াৰ বাবে গহণা ক্ৰয় কৰিছিল। বহুতৰে ধাৰণা সেই খৰচো বিশালৰেই আছিল!

তথ্য অনুসৰি, চুমী বৰাৰ এই ডেষ্টিনেচন ৱেডিঙত খৰচ হৈছিল প্ৰায় ১৮ৰ পৰা ২২ কোটি টকা। যি খৰচ বহন কৰিছিল পাতি লোৱা ভায়েক বিশাল ফুকনে। নিজে বিলাসী জীৱন কটোৱা বিশালে চুমী বৰাৰ বাবেও খৰচ কৰিছিল কোটি কোটি টকা। তথ্য অনুসৰি, বিশালে চুমিক উপহাৰ দিছিল দুটাকৈ ফ্লেট।

কাহিনী কিন্তু ইয়াতেই শেষ হোৱা নাই৷ বিয়াৰ পিছতে চুমী বৰাই উৰা মাৰিছিল ডুবাইলৈ৷ অসমৰ ইতিহাসৰ আটাইতকৈ বিলাসবহুল ছবিৰ চুক্তিৰ বাবে চুমি গৈছিল৷ বুৰ্জ খালিফাৰ ৭ লাখ টকীয়া বিলাসবহুল কোঠাত হৈছিল চুক্তি৷ কোনো নাম-গোন্ধ নোহোৱা ছবিৰ চুক্তি কি কোনেও নাজানে?

বুৰ্জ খালিফাৰ কোঠাও বুকিং কৰি দিছিল পাতি লোৱা ভায়েক বিশাল ফুকনেই। এতিয়া প্ৰশ্ন উঠিছে। উঠিবই। কাৰণ অসমৰ সাংস্কৃতিক জগতৰ সৈতে জড়িত অভিনেতা-অভিনেত্ৰী বা আন কলা-কুশলীয়ে কিমান উপাৰ্জন কৰে সেয়া ৰাইজে জানে৷ অসমৰ নামজ্বলা অভিনেতা-অভিনেত্ৰীসকলেও আজি পৰ্যন্ত এনেধৰণৰ ৰাজকীয় বিয়া পতা দেখা নাই। মাত্ৰ কিছুদিন পূৰ্বে কেৰিয়াৰ আৰম্ভ কৰা চুমি বৰাই ক’ত পাইছিল ইমান ধন? এতিয়া ৰাইজে বাট চাইছে, আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমস্ত ঘটনা।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা
অপৰাধ

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

September 14, 2026
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস
জীৱনশৈলী

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

September 14, 2026
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি
অসম

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

September 14, 2026
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ
অসম

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

September 14, 2026
Next Post
পাঞ্জাৱী গায়ক ধিলন এইবাৰ বিষ্ণোই গেঙৰ টাৰ্গেট, ছলমানৰ সৈতে ৰীলেই কাল হৈছে নেকি এ পি ধিলনৰ?

পাঞ্জাৱী গায়ক ধিলন এইবাৰ বিষ্ণোই গেঙৰ টাৰ্গেট, ছলমানৰ সৈতে ৰীলেই কাল হৈছে নেকি এ পি ধিলনৰ?

MBA পঢ়িব অমিতাভৰ নাতিনীয়েক নব্যাই! তাৰকা হোৱাৰ সুযোগ নাই নে পঢ়াত মন নব্যাৰ?

MBA পঢ়িব অমিতাভৰ নাতিনীয়েক নব্যাই! তাৰকা হোৱাৰ সুযোগ নাই নে পঢ়াত মন নব্যাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.