অসম লাইভ ২৪ঃ টাইৱানৰ স্বাধীনতা সংগ্ৰামক সমৰ্থন কৰিলে ভয়ংকৰ পৰিমাণ ভুগিব পাৰে আমেৰিকাই! এই সকীয়নি প্ৰদান কৰিছে ৰঙা চীনে৷
শুকুৰবাৰে ৱাশ্বিংটনত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নেচনেল পাব্লিক ৰেডিঅ’ৰ এক সাক্ষাৎকাৰত এই সকীয়নি প্ৰদান কৰিছে ৱাশ্বিংটনস্থিত বেইজিঙৰ ৰাষ্ট্ৰদূত কিন গেঙে৷
সাক্ষাৎকাৰটোত চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে স্পষ্টকৈ কয় যে আমেৰিকাই টাইৱানৰ স্বাধীনতাক উৎসাহিত কৰিলে চীনে আমেৰিকাৰ ওপৰত সামৰিক আক্ৰমণ চলাব৷ ফলত দুয়ো দেশৰ মাজত সামৰিক সংঘৰ্ষৰ সূত্ৰপাত হ’ব পাৰে!
উল্লেখ্য যে গণতান্ত্ৰিকভাৱে শাসিত দ্বীপৰাষ্ট্ৰ টাইৱানক চীনে চীনা অধ্যুষিত অঞ্চলৰূপে গণ্য কৰি আহিছে৷ আনকি টাইৱানক চীনৰ সৈতে চামিল কৰিবলৈ চীনে মাজে মধ্য বলপ্ৰয়োগ কৰিও আহিছে৷ অৱশ্যে বলপ্ৰয়োগৰ অভিযোগ চীনৰ ৰাষ্ট্ৰদূত এগৰাকীয়ে অস্বীকাৰ কৰিছে৷
ইফালে অতিশয় দাহ্য পদাৰ্থৰ লগত তুলনা কৰি কিন গেঙে টাইৱানৰ সমস্যাটোক চীন আৰু আমেৰিকাৰ মাজৰ এটা গভীৰতম সমস্যা বুলিও স্বীকাৰ কৰিছে৷ আনহাতে, মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগে টাইৱানৰ সমস্যাটোৰ ক্ষেত্ৰত সদায় নিজৰ লাভজনক দিশটোকহে গুৰুত্ব দি আহিছে৷
পেন্টাগনৰ এজন মুখপাত্ৰই কয়, ‘‘আমি টাইৱানক পৰ্যাপ্ত আত্ম-সুৰক্ষা বজাই ৰখাৰ বাবে প্ৰয়োজনীয় সহায় কৰি যাম আৰু লগতে টাইৱানৰ জনসাধাৰণৰ নিৰাপত্তা অসুৰক্ষিত কৰিব পৰা যিকোনো বল প্ৰয়োগক প্ৰতিৰোধ কৰিবলৈ নিজকে সাজু ৰাখিম৷’’ ইয়াৰ পিছতে চীনৰ ৰাষ্ট্ৰদূতগৰাকীয়ে এই সকীয়নি প্ৰদান কৰিছে৷
ৰাষ্ট্ৰদূত কিনৰ এই সকীয়নিৰ পিছতো মাৰ্কিন প্ৰতিৰক্ষা বিভাগে এই মুহূৰ্তলৈকে কিনৰ এই সকীয়নিৰ প্ৰত্যুত্তৰ দিয়া নাই৷
উল্লেখ্যে যে শেহতীয়া মাহবোৰত চীনৰ সামৰিক বাহিনীয়ে টাইৱানত বিমানেৰ অভিযান চলাই অহাৰ বাবে বেইজিং আৰু টাইপেইৰ মাজত উত্তেজনা বৃদ্ধি পাইছে৷
আনহাতে, কিছুদিন পূৰ্বে মাৰ্কিন ৰাষ্ট্ৰপিত জ’ বিডেনে আমেৰিকাই টাইৱানৰ স্বাধীনতাক উৎসাহিত কৰা নাই বুলি উল্লেখ কৰি অক্টোবৰত চীনে টাইৱান আক্ৰমণ কৰিলে আমেৰিকাই দ্বীপটোক সুৰক্ষাৰ দিব বুলিহে প্ৰকাশ কৰিছিল৷
মন কৰিবলগীয়া যে পূৰ্বে টাইৱানৰ ক্ষেত্ৰত আমেৰিকাই ‘কৌশলগত অস্পষ্টতা’ নীতি গ্ৰহণ কৰি আহিলেও যোৱা অক্টোবৰত সেই নীতিৰ পৰা আঁতৰি অহা পৰিলক্ষিত হৈছে৷ আৰু চীনে এই কথাটো লক্ষ্য কৰিয়ে আমেৰিকাক পোনপতীয়াকৈ এই সকীয়নি প্ৰদান কৰা বুলি ধাৰণা কৰা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ