শনিবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে এক বিশেষ স্থিতিৰ কথা স্পষ্ট কৰিছে৷
এতিয়াৰে পৰা সৰ্বোচ্চ ন্যায়ালয়ে চৰকাৰী চাকৰিৰ পদোন্নতিৰ সংৰক্ষণত কোনো হস্তক্ষেপ নকৰে৷ শনিবাৰে এইকথা স্পষ্ট কৰিছে উচ্চতম ন্যায়ালয়ে৷
উচ্চতম ন্যায়ালয়ৰ মতে চৰকাৰী চাকৰিৰ পদোন্নতিত অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ সংৰক্ষণৰ আদি বিষয়ত উচ্চতম ন্যায়ালয়ে আৰু কোনো হস্তক্ষেপ নকৰে। ইয়াৰ লগতে এইক্ষেত্ৰত কোনো নতুন মাপকাঠী নিৰ্দ্ধাৰণ কৰা নহয় বুলিও জনাই দিছে সৰ্বোচ্চ ন্যায়ালয়ে।
ন্যায়াধীশ নাগেশ্বৰ ৰাওৰ নেতৃত্বৰ বিচাৰপীঠে চৰকাৰী চাকৰিৰ পদোন্নতিত অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ সংৰক্ষণ সম্পৰ্কীয় এক গোচৰৰ শুনানি গ্ৰহণ কৰি কয়ে যে বিভিন্ন চৰকাৰী পদত এছ চি, এছ টি-ৰ সংখ্যা কিয় পৰ্যাপ্ত নহয়৷
বিভিন্ন পদত এছ চি, এছ টি সংৰক্ষণৰ অনুপাত কিমান হোৱা উচিত সেই বিষয়ত ৰাজ্যসমূহে নিজেই তথ্য সংগ্ৰহ কৰিব লাগিব আৰু সেয়া তেওঁলোকৰেই দায়িত্ব।
ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ বি আৰ গাভাইও থকা ন্যায়াধীশ নাগেশ্বৰ ৰাওৰ বিচাৰপীঠখনে পদোন্নতিৰ ক্ষেত্ৰত বৰ্তমান চলি থকা বিভিন্ন চৰ্তসমূহ খাৰিজ বা হ্ৰাস কৰিবলৈকো সন্মত নহ’ল।
চৰকাৰী চাকৰিত পদোন্নতিৰ সময়ত এছ চি, এছ টিসকলৰ প্ৰতিনিধিত্ব নিৰ্দ্ধাৰণ কৰিবলৈ কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অনুপাত সংগ্ৰহ কৰাৰ যি ব্যৱস্থা কাৰ্যকৰী হৈ আছে সেয়া উঠাই দিবলৈ কেন্দ্ৰই উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল।
উল্লেখ্য যে ইয়াৰ পূৰ্বেও উচ্চতম ন্যায়ালয়ত এই প্ৰস্তাৱ খাৰিজ হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ