অসম লাইভ২৪ঃ জ্যোতিষশাস্ত্ৰত প্ৰতিটো গ্ৰহৰ নিজস্ব গুৰুত্ব আছে। জ্যোতিষ অনুসৰি সূৰ্যক নৱগ্ৰহৰ ৰজা বুলি কোৱা হয়। সূৰ্যই যাৰ কোষ্ঠীত ভাল অৱস্থান কৰিছে সেই ব্যক্তিয়ে জীৱনত সাফল্য আৰু প্ৰতিপত্তি লাভ কৰে। সেয়ে সূৰ্যই যেতিয়া ৰাশি বা নক্ষত্ৰ পৰিবৰ্তন কৰে তেতিয়া ইয়াৰ প্ৰভাৱ ৰাশিচক্ৰৰ প্ৰতিটো ৰাশিৰ জাতকৰ ওপৰত পৰে। ফেব্ৰুৱাৰী মাহত সূৰ্যই যেতিয়া ৰাশি আৰু নক্ষত্ৰ পৰিবৰ্তন কৰে তেতিয়া ইয়াৰ প্রভাৱ ৰাশিচক্ৰৰ প্ৰতিটো ৰাশিৰ জাতকৰ ওপৰত পৰে। আগন্তুক ৭ফেব্ৰুৱাৰীত সূৰ্যই ধনিষ্ঠা নক্ষত্ৰত গোচৰ কৰিব। ধনিষ্ঠাত সূৰ্যৰ প্ৰৱেশৰ ফলত সৌভাগ্যৰ পোহৰ পৰিব ৪ৰাশিৰ জাতকৰ জীৱনত। চাই লওক সূৰ্যই ধনিষ্ঠাত গোচৰ কৰিলে কি কি ৰাশিৰ জাতক লাভৱান হ’ব?
কুম্ভ ৰাশি
সূৰ্য ধনিষ্ঠা নক্ষত্ৰলৈ আহিলে শুভ ফল পাব কুম্ভ ৰাশিৰ জাতকে। এই সময়ত কুম্ভ ৰাশিৰ জাতকৰ মনৰ সকলো ইচ্ছা পূৰণ হ’ব। ইয়াৰোপৰি সূৰ্যৰ শুভ প্রভাৱত বিদেশত পঢ়াশুনা কৰিবলৈ যোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত পৰিব। সূৰ্যদেৱৰ আশীৰ্বাদত এই সময়ত সকলো কামতেই সফল হ’ব কুম্ভ ৰাশিৰ জাতক।
বৃশ্চিক ৰাশি
ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ কৰি সূৰ্যই সুখ, সৌভাগ্য কঢ়িয়াই আনিব বৃশ্চিক ৰাশিৰ জাতকলৈ। এই সময়ত আপুনি সকলো কামতে সফলতা লাভ কৰিব। সূৰ্যৰ প্ৰভাৱত এই সময়ত কৰ্মক্ষমতা বহু পৰিমানে বৃদ্ধি পাব বৃশ্চিক ৰাশিৰ জাতকে। কাৰ্যালয়ত সকলোৰে সহযোগিতা আৰু সন্মান লাভ কৰিব। ছিনিয়ৰসকলৰ পৰা কোনো ভাল খবৰ পাব পাৰে। ৰাজনীতিৰ সৈতে যুক্ত হৈ থকাসকলৰো সপোন পূৰণ হ’ব।
তুলা ৰাশি
জ্যোতিষ গণনা অনুসৰি সূৰ্যৰ নক্ষত্ৰ পৰিবৰ্তনে বেছ শুভ আৰু লাভজনক ফল কঢ়িয়াই আনিব তুলা ৰাশিৰ জাতকৰ বাবে। এই সময়ত সমাজত আপোনাৰ সন্মান আৰু প্ৰতিপত্তি বৃদ্ধি পাব। কেৰিয়াৰত হঠাৎ ডাঙৰ সাফল্য লাভ কৰিব। কেৱল সেয়াই নহয়, পৰিয়ালৰ সদস্যসকলৰ সৈতে প্ৰয়োজনীয় সাহায্য লাভ কৰিব। নিজৰ প্ৰতিভাৰ বিকাশ ঘটাব পাৰিব তুলা ৰাশিৰ জাতকে।
মকৰ ৰাশি
ধনিষ্ঠা নক্ষত্ৰত সূৰ্যৰ গোচৰৰ ফলত ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সৌভাগ্য লাভ কৰিব মকৰ ৰাশিৰ জাতকে। এই সময়ত আপোনাৰ আত্মবিশ্বাস বহু পৰিমানে বৃদ্ধি পাব। কেৰিয়াৰত উল্লেখযোগ্য পৰিবৰ্তন দেখা যাব। ইয়াৰোপৰি চাকৰিয়ালসকলৰ প্ৰমোছনৰ যোগ আছে। ইয়াৰ ফলত উপাৰ্জনো বৃদ্ধি পাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ