NIA দাবী- ‘মুম্বাইৰ দৰেই দেশৰ অন্য চহৰকো লক্ষ্য কৰিছিল তাহাউৰ ৰানাই’
১০ এপ্ৰিলত দিল্লীৰ আদালতত শুনানিৰ সময়ত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই কয় যে মুম্বাইৰ দৰে দেশৰ আন চহৰতো সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল তাহাউৰ ৰানাই। বিশেষ ন্যায়াধীশ চন্দ্ৰজিৎ সিঙৰ আদালতত এই দাবী উত্থাপন কৰে এন আই এয়ে। শুনানিৰ অন্তত ন্যায়াধীশে তাহাউৰ ৰানাক ১৮ দিনৰ বাবে এন আই এৰ জিম্মালৈ প্ৰেৰণ কৰে।
ন্যায়াধীশে এন আই এৰ ন্যায়াধীশ চন্দ্ৰজিৎ সিঙক এই নিৰ্দেশনা প্ৰদান কৰি কয় যে, এন আই এক প্ৰতি ২৪ ঘণ্টাৰ মূৰে মূৰে তহাউৰ ৰানাৰ চিকিৎসা পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বিকল্প দিনত তাহাউৰক নিজৰ অধিবক্তাক লগ কৰিবলৈ দিয়া উচিত।
অৱশ্যে এই বৈঠক কেৱল এন আই এৰ বিষয়াৰ উপস্থিতিতহে হ’ব। তাহাৱুৰ ৰাণা আৰু তেওঁৰ অধিবক্তাৰ মাজত হোৱা বৈঠকৰ সময়ত এন আই এৰ বিষয়াজনে দূৰৈত থিয় দিব লাগিব, কিন্তু দুইজনৰ কথা শুনিব পৰাকৈ দূৰৈতহে থিয় দিব লাগিব।
শুনানিৰ সময়ত এন আই এয়ে যুক্তি দিছিল যে মুম্বাই আক্ৰমণৰ সমগ্ৰ ষড়যন্ত্ৰ উন্মোচন কৰিবলৈ বিতং জেৰাৰ প্ৰয়োজন হ’ব আৰু তেওঁক আক্ৰমণৰ স্থানলৈ লৈ যোৱাৰ প্ৰয়োজন হ’ব যাতে অপৰাধস্থলী ৰি ক্ৰিয়েট কৰিব পৰা যায়।
শুনানিৰ সময়ত আদালতত উপস্থিত থাকে NIA DIG, এজন আই জি আৰু দিল্লী আৰক্ষীৰ পাঁচজন DCP। বৃহস্পতিবাৰে আমেৰিকাৰ পৰা ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হয় তাহাউৰ ৰানাক। মুম্বাই আক্ৰমণৰ ষড়যন্ত্ৰকাৰী তাহউৰ ৰানাক ভাৰতলৈ অনাটো ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক বিজয় বুলি বিবেচিত হৈছে।
উল্লেখযোগ্য যে ২০০৮ চনৰ মুম্বাইত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ১৬৬ জন লোকৰ মৃত্যু হৈছিল। ইয়াৰ উপৰিও শ শ লোক আহত হৈছিল। এই আক্ৰমণত মুম্বাই আৰক্ষীৰ তিনিজন জ্যেষ্ঠ বিষয়াকে ধৰি বহু আৰক্ষী শ্বহীদ হয়। এই ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছিল পাকিস্তানৰ পৰা অহা সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ ১০ টা সন্ত্ৰাসবাদীয়ে। ইয়াৰে এজন সন্ত্ৰাসবাদী আজমল কাছাব জীৱিত অৱস্থাত ধৰা পৰিছিল আৰু ২০১২ চনত ফাঁচী দিয়া হৈছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















