মাজ আকাশত যান্ত্ৰিক বিজুতি ধৰা পৰিছে এয়াৰ ইণ্ডিয়াৰ বিমানত৷ যান্ত্ৰিক বিজুতিৰ উমান পোৱা মাত্ৰকে তাৎক্ষণিকভাৱে অৱতৰণ কৰোৱা হৈছে৷ বৃহস্পতিবাৰে অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাৰ পৰা এ আই-১৫৪ বিমানখন নতুনদিল্লীৰ উদ্দেশ্যে ৰাওনা দিয়ে৷ কিন্তু মাজ আকাশতেই হঠাৎ যান্ত্ৰিক ত্ৰুটি বুলি সন্দেহ কৰা হয়৷ পাইলটে লগে লগে এয়াৰ ট্ৰেফিক কন্ট্ৰলৰ সৈতে যোগাযোগ কৰি অৱতৰণৰ অনুমতি বিচাৰে৷
জনা গৈছে যে পাইলটৰ পৰা বাৰ্তা পায়েই বিমানখন ডুবাইৰ দিশলৈ ঘূৰাই দিয়া হয়৷ তাৰপিছতেই তাত নিৰাপদে অৱতৰণো কৰা হয় বুলি জনাইছে বিমান সংস্থা সূত্ৰই৷ ডুবাইত বিমানখন ভালধৰণে পৰীক্ষা কৰাও হৈছে৷ যাত্ৰীসকলক বিমানৰ পৰা নমাই সকলো যাৱতীয় পৰীক্ষা কৰা হৈছে বিমানখনৰ৷ পৰীক্ষা সমাপ্ত হোৱাত সকলো ঠিকে থকাৰ সেউজ সংকেত পোৱাৰ পাছতহে যাত্ৰা কৰে বিমানখনে৷ শুকুৰবাৰে বিমানখন পুনৰ দিল্লী অভিমুখে ৰাওনা হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















