নিশা হঠাতে দুৰ্বৃত্তৰ আক্ৰমণ, এগৰাকী চিকিৎসকসহ ৭ গৰাকীয়ে হেৰুৱালে প্ৰাণ, অন্য কেইবাজনো আহত
জম্মু-কাশ্মীৰৰ গণ্ডাৰবল জিলাৰ শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথৰ সুৰংগ নিৰ্মাণ স্থানত সন্ত্ৰাসবাদী আক্ৰমণত এজন চিকিৎসক আৰু ৬ শ্ৰমিক নিহত হয়। বিষয়াসকলে জনোৱা মতে, জিলাখনৰ গুণ্ড অঞ্চলত সুৰংগ প্ৰকল্পত কাম কৰা শ্ৰমিক আৰু অন্যান্য কৰ্মীসকলে যেতিয়া সন্ধিয়াৰ ভাগত নিজৰ শিবিৰলৈ উভতি আহে, তেতিয়া অচিনাক্ত সন্ত্ৰাসবাদীয়ে তেওঁলোকক আক্ৰমণ কৰে।
স্থানীয় আৰু বাহিৰৰ লোক উভয়কে সামৰি লোৱা শ্ৰমিকৰ দলটোৰ ওপৰত সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে বুলিও প্ৰকাশ কৰে বিষয়াসকলে। অনুমান কৰা হৈছে যে সন্ত্ৰাসবাদীৰ সংখ্যা কমেও দুজন আছিল।
ৰাজ্যখনৰ গংগাগীৰ নামৰ অঞ্চলত সংঘটিত হয় এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। বিষয়াসকলে জনোৱা মতে, দুজন শ্ৰমিকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আন চাৰিজন আহত শ্ৰমিক আৰু এজন চিকিৎসকৰ পিছত মৃত্যু হয়।
বৰ্তমানে পাঁচজন আহত লোকৰ চিকিৎসা চলি আছে। নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি আক্ৰমণকাৰীৰ সন্ধান উলিয়াবলৈ অভিযান আৰম্ভ কৰিছে।
সদ্য নিৰ্বাচিত মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে ঘটনাৰ তদন্ত ক্ষীপ্ৰতৰ কৰাৰ কথা উল্লেখ কৰে, লগতে মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি উল্লখ কৰে।
‘এক্স’ হেণ্ডেলত মুখ্যমন্ত্ৰীয়ে লিখিছে যে ‘গগাংগীৰ আক্ৰমণত মৃত্যুৰ সংখ্যা চূড়ান্ত নহয় কাৰণ স্থানীয় আৰু অস্থানীয় বহু শ্ৰমিক আহত হৈছে। গুৰুতৰভাৱে আহতসকলক শ্ৰীনগৰৰ SKIMS ত ভৰ্তি কৰা হৈছে বাবে আহতসকলৰ সম্পূৰ্ণ আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। ‘
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ