শিৰোনামত উল্লেখ কৰা এই ঘটনা সংঘটিত হৈছে বিহাৰত। বিহাৰৰ খগড়িয়া জিলাৰ পৰা পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ ঘটনা। স্বামীৰ মৃ*ত্যুৰ পিছত তিনিদিন ধৰি স্বামীৰ মৃ*তদেহৰ ওচৰত বহি থাকিল পত্নী। কাৰণ ধৰ্মীয় ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন কৰিবলৈ দুৰ্ভগীয়া পত্নীগৰাকীৰ হাতত নাছিল ধন। শেষত মৃ*তদেহটোৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰোঁতেই গাঁৱৰ ৰাইজে এই বিষয়ে অৱগত হয়। ইয়াৰ পিছতে স্থানীয় বাসিন্দা আৰু সমাজকৰ্মীসকলে সহায়ৰ হাত আগবঢ়ায়।
কৰ্কট ৰোগে কাঢ়িলে স্বামীৰ প্ৰাণ
মুফুছিল থানা এলেকাত অৱস্থিত ৰামচন্দ্ৰ গাঁৱত সংঘটিত হৈছে এই ঘটনা। ৫ নং ৱাৰ্ডৰ বাসিন্দা মনু সাহাই দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছিল। কিছুদিনৰ আগতে মনুৰ দেহত ধৰা পৰিছিল মাৰাত্মক কেন্সাৰ ৰোগ। চিকিৎসাৰ বাবে পৰিয়ালটোৱে নিজৰ সমগ্ৰ ধন খৰচ কৰিও বচাব নোৱাৰিলে মনু সাহাক। অৱশেষত খগড়িয়া সদৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃ*ত্যু হয় মনু সাহৰ।
৩ দিন মৃ*তদেহৰ কাষত বহি থাকিল পত্নী
স্বামীৰ মৃ*ত্যুৰ পিছত পৰিয়ালটোৰ আৰ্থিক অৱস্থা ইমানেই ভয়াৱহ হৈ পৰিছিল যে পত্নী উষা দেৱীৰ হাতত শেষ ৰীতি-নীতি কৰিবলৈও টকা নাছিল। অসহায়তাৰ বাবে পত্নীয়ে তিনিদিন ধৰি মথাউৰিৰ ওপৰত থকা তেওঁলোকৰ জুপুৰিটোত স্বামীৰ মৃতদেহৰ কাষত বহি থাকিল। এই সময়ছোৱাত কোনো আত্মীয়ই তেওঁৰ ওচৰলৈ নাহিল, ওচৰ-চুবুৰীয়াসকলেও কোনোধৰণৰ খবৰ নললে মনু সাহাৰ। তিনিদিন পিছত মৃ*তদেহটোৰ পৰা দুৰ্গন্ধ ওলোৱাতহে ওচৰ-চুবুৰীয়াই ঘটনাৰ বিষয়ে গম পায়। মৃত মনু সাহাই মৃ*ত্যুৰ সময়ত পত্নীসহ এৰি থৈ গৈছে চাৰিটা সন্তান। ইপিনে পৰিয়ালটোৰ জ্যেষ্ঠ দুই পুত্ৰই আন ৰাজ্যত শ্ৰমিক হিচাপে কাম কৰে যদিও যোগাযোগ বা মোবাইল নম্বৰৰ অভাৱত লাভ কৰা নাই পিতৃৰ মৃত্যুৰ খবৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















