ক্ৰমশ বেৰঙী হৈছে যৌন জীৱন? সুস্থ দাম্পত্য জীৱনৰ সকলোতকৈ ডাঙৰ অস্ত্ৰই হৈছে স্বাভাৱিক যৌন জীৱন৷ এই দাবী আমাৰ নহয় এই দাবী কৰিছে বিশেষজ্ঞই৷ কৰ্মব্যস্ততা, ভুল খাদ্যভাষ, শৰীৰচৰ্চাত অনিয়মসহ একাধিক কাৰণত অলপ বয়সতেই বিভিন্ন অসুখত প্ৰভাৱ পৰিছে যৌন জীৱনত৷ যাৰ বাবে নিয়মিত শৰীৰচৰ্চাটো বাদেই যৌন ক্ষমতা বঢ়াত ডাঙৰ ভূমিকা আছে কিছু খাদ্যৰো৷ যৌন ক্ষমতা বঢ়াবলৈ হ’লে দৈনিক ডায়েটত কি কি খাদ্য ৰাখিব?
আয়ুৰ্বেদিক ভেষজ
আয়ুৰ্বেদৰ মতে অশ্বগন্ধা, শিলাজিতৰ দৰে ভেষজে যৌন ক্ষমতা বঢ়োৱাত সহায় কৰে৷ এই ধৰণৰ ভেষজে পুৰুষৰ প্ৰজনন ক্ষমতা বঢ়াব পাৰে৷
বাদাম আৰু বীজ
বিভিন্ন ধৰণৰ ছিড বা বাদাম বা কোমোৰাৰ বীজ, সূৰ্যমূখী ফুলৰ বীজ, আমণ্ড, বাদাম, আখৰোটৰ দৰে ফেটে সঠিক যৌনতাৰ সৈতে সম্পৰ্কিত হৰমনৰ কামত সহায় কৰে৷ দৈনিক ডায়েটত বীজ আৰু বাদান ৰাখিলে যৌন ক্ষমতা বাঢ়ে৷
সেউজীয়া পাচলি
পালেং শাক, মেথিশাক, বন্ধাকবিৰ দৰে শাক পাচলিত মেগনেছিয়াম আছে৷ যি ৰক্তনলীসমূহক প্ৰসাৰিত কৰে৷ যৌনাংগত ৰক্ত প্ৰবাহ বঢ়ায়৷ দীৰ্ঘক্ষণ যৌনতাৰ ইচ্ছাও বজায় ৰাখে বিভিন্ন ধৰণৰ শাকে৷
বেদনা
নিয়মিত বেদনা খালে ৰক্ত সঞ্চালন বাঢ়ে আৰু টেষ্টোষ্টেৰণ হৰমনৰ মাত্ৰা বঢ়ায়৷ ইয়াৰ সৈতে বাঢ়ে যৌনক্ষমতাও৷
তৰমুজ
ভায়গ্ৰাৰ সমানেই কাম কৰে তৰমুজে৷ সম্প্ৰতি নানান গৱেষণাত প্ৰমাণিত হৈছে এই কথা৷ কেৱল শৰীৰত পানীৰ মাত্ৰা বঢ়োৱা আৰু ওজন কমোৱাত সহায় কৰে তৰমুজে৷ ইয়াৰ সৈতে যৌন ইচ্ছা বঢ়োৱাতো কাৰ্যকৰী এই ফল৷
মেথি
শুক্ৰাণু বঢ়োৱাত সহায় কৰে মেথিয়ে৷ কেৱল শুক্ৰাণুৱেই নহয় পুৰুষৰ বন্ধ্যাত্বও দূৰ কৰাত কাৰ্যকৰী মেথি৷
দেশী ঘি
হজম ক্ষমচা ঠিক ৰখাত সহায় কৰে ঘিয়ে৷ ইয়াৰ সৈতে নিয়মিত দেশি ঘি খালে এনাৰ্জি বাঢ়ে৷ পুৰুষৰ বন্ধ্যাত্বও দূৰ হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ