অসম লাইভ ২৪ঃ আৰম্ভ হ’ল কোভিডৰ তৃতীয় ঢৌ। তৃতীয় ঢৌক লৈ বিশ্ববাসীক সতৰ্কবাণী বিশ্ব স্বাস্থ্য সংস্থাৰ। বিশ্বৰ ১১১ দেশত সম্প্ৰতি কোভিডৰ ডেল্টা ভেৰিয়েণ্টৰ অৱস্থিতি পোৱা গৈছে আৰু শীঘ্ৰেই বিশ্বব্যাপী আৰম্ভ হ’ব তৃতীয় ঢৌৰ সংক্ৰমণ। বৰ্তমান কোভিড সংক্ৰমণ তৃতীয় ঢৌৰ প্ৰথম পৰ্যায়ত আছে। বৃহস্পতিবাৰে এই কথা সদৰী কৰে বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী টেড্ৰচ আধানম ঘেব্ৰেয়াচাচে। লগতে তেওঁ কয়, ক্ৰমাগতভাৱে কোভিড-১৯ ভাইৰাছৰ বিকাশ হৈ আছে, যাৰ ফলত অধিক সংক্ৰামক ৰূপত ভাইৰাছবিধৰ নতুন নতুন প্ৰজাতিৰ সৃষ্টি হৈছে। সমগ্ৰ দেশত ভেকচিনেচন অভিযান অধিক তীব্ৰতৰ কৰি তোলা হৈছে যদিও কোভিডৰ তৃতীয় ঢৌ ৰোধ কৰিব পৰাকৈ অধিক শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব পৰা নাই ভেকচিনেচন কাৰ্যসূচী। গতিকে পূৰ্বতকৈ অধিক সতৰ্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে বিশ্ব স্বাস্থ্য সংস্থাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ