মহিলাৰ মাজত ঋতুস্ৰাৱ সম্পৰ্কে সজাগতা সৃষ্টি আৰু বৃদ্ধিৰ বাবে দেশৰ এখন ৰাজ্যৰ চৰকাৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷
কেৰেলা চৰকাৰে লোৱা এই নতুন পদক্ষেপৰ অধীনত এৰাকুলামৰ সাংসদ হিবি ইডেনে নিজৰ সমষ্টিৰ প্ৰায় ১ লাখ মহিলাক বিনামূলীয়াকৈ ‘ঋতুস্ৰাৱ কাপ’ বিতৰণ কৰিছে৷
‘জীৱন কাপ’ নামেৰে নামকৰণ কৰা এই অভিযান মূল লক্ষ্য হৈছে ঋতুস্ৰাৱৰ সময়ৰ লাজ, চুৱাজনিত অন্ধ বিশ্বাসৰ আদি নিৰ্মূল কৰাৰ লগতে ঋতুস্ৰাৱৰ সময়ত ঋতুস্ৰাৱৰ কাপ ব্যৱহাৰ কৰাৰ উপকাৰিতাৰ বিষয়েও সজাগতা সৃষ্টি কৰা। লগতে এই কাপ কেনেকৈ ব্যৱহাৰ কৰা হয় সেই পদ্ধতিও বুজাই দিয়া হৈছে৷
লগতে পঢ়ক উবেৰত মহিলাক যৌন নিৰ্যাতন চালকৰ! ন্যায় বিচাৰি ৫০০ মহিলা পালেগৈ ন্যায়ালয়
উল্লেখ্য যে এই কাপ ব্যৱহাৰ কৰিলে বাৰে বাৰে চেনিটেৰী নেপকিন সলনি কৰাৰ কোনো অসুবিধা নহয়। তদুপৰি ফোহা বা আন সমস্যাৰ সৃষ্টি হোৱাৰ আশংকাও কম হয়। তাৰ বাহিৰেও ই পৰিৱেশ অনুকূল। বৰঞ্চ ব্যৱহৃত চেনিটেৰী নেপকিন পৰিৱেশৰ বাবে ক্ষতিকাৰক।
২০২১ চনত কৰা এক অধ্যয়নত কোৱা হৈছে যে দেশৰ মুঠ আৱৰ্জনাসমূহৰ এক বৃহৎ অংশ ব্যৱহৃত চেনিটেৰী নেপকিন পৰাই হয়। আনহাতে এই ঋতুস্ৰাৱৰ কাপ পুনঃব্যৱহাৰযোগ্য। অৱশ্যে সংক্ৰমণৰ পৰা হাত সাৰিবলৈ প্ৰতিবাৰ ব্যৱহাৰৰ পূৰ্বে ভালদৰে চাফা কৰিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ